পশ্চিম নলবাৰীৰ বৰনৰ্দ্দীত অৱস্থিত অসমৰ প্ৰাচীনতম সৰ্ববৃহৎ ৰাজহুৱা ১০১ সংখ্যক শতবৰ্ষ শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞৰ মঙলবাৰে অনুষ্ঠিত পূৰ্ণাহুতিত যথেষ্ট ভক্তৰ সমাগম হয়। যোৱা ৫ এপ্ৰিলৰ পৰা ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা উক্ত শতবৰ্ষ যজ্ঞানুষ্ঠানৰ মঙলবাৰে সামৰণি পৰে (Maha Vishnu Yagya at Barnaddi, Nalbari District) ।
বিশ্ব শান্তি কামনাৰ্থে তথা ৰাইজৰ মংগলাৰ্থে অনুষ্ঠিত শতবৰ্ষ গৰকা বৰনৰ্দ্দী মহাবিষ্ণু যজ্ঞত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত-দৰ্শনাৰ্থীয়ে ধূপ-চাকি-নৈবদ্য আগবঢ়াই সেৱা কৰাৰ লগতে পূৰ্ণাহুতিত নাৰিকল আগবঢ়ায়।
গুৰুত্বপূৰ্ণ যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্য পশ্চিমবংগ আৰু কেইবাখনো ৰাজ্যৰ ভক্তই প্ৰতিবছৰে আহি এই যজ্ঞত পূজা-অৰ্চনা কৰে। আনহাতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা ভক্ত অহাৰ কথা উদ্যোক্তাই জানিবলৈ দিয়ে। পূৰ্ণাহুতিৰ পিছতে প্ৰায় বিশ হাজাৰ ভক্তক ভোগ বিতৰণ কৰে। উল্লেখযোগ্য যে যজ্ঞৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শনো কৰে।