হাজো-গুৱাহাটী ৰাজপথৰ দলিবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত দুই চালক গুৰুতৰভাৱে আহত হয়।
ইয়াৰ লগতে আনখন ট্ৰাকৰ চালককো সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ। এই দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে AS-11-BC-9157 নম্বৰৰ হাজোৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাকখনৰ চালকজনক এখন ভৰি ছিগি যোৱা অৱস্থাত জেচিবিৰ সহায়ত স্থানীয় ৰাইজে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে।
দুৰ্ঘটনাৰ ফলত ঘন্টা ঘন্টা ধৰি হাজো-গুৱাহাটী ৰাজপথত বাহনৰ চলাচল ব্যাহত থাকে। ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে দদৰা আৰক্ষী। লগতে নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি।