জীৱনৰ বিয়লি বেলাত থোকা-থুকি মাতেৰে ফোন কৰাৰ পিছতো পিতৃৰ কাষলৈ নগ’ল পুত্ৰ, কিয়?


 

এগৰাকী পিতৃৰ এটা ফোনকল। জীৱনৰ অন্তিম সময়ত এবাৰ পুত্ৰৰ মুখখন চোৱাৰ ইচ্ছা। সেয়েহে শয্যাশায়ী পিতৃয়ে ফোন কৰি কাতৰ আহ্বান জনাইছে পুত্ৰক। এই ফোনকলটো এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। পিতৃ-পুত্ৰৰ এই কথোপকথন শুনি বহু লোকেই সমালোচনা কৰিছে পুত্ৰক। জীৱনৰ অন্তিম সময়ত পিতৃৰ এই ফোনকলটোৱে আবেগিক কৰি তুলিছে সকলোকে।

ফোন কলটোৰ এটা মূৰে প্ৰতাপ চন্দ্ৰ বৰদলৈ আৰু আনটো মূৰত চিকিৎসক পুত্ৰ ডাঃ অনলজ্যোতি বৰদলৈ। ফোন কলটোত পিতৃ প্ৰতীপ চন্দ্ৰ বৰদলৈয়ে কোৱা শুনা গৈছে, ‘‘মই পাপাই কৈছো। মই চিক বেডৰ পৰা কৈ আছো। মোৰ অৱস্থাটো খুব বেয়া। এতিয়া কথাটো হৈছে কি মই আজি বহু বছৰ দেখা- শুনা হোৱাই নাই। লাষ্ট মমেণ্টত মই… তোৰ মই মুখখন চাব বিচাৰিছো। লগতে তোৰ নাতি- পুতি হৈছে যদি তাহাতৰ মুখখন চাব বিচাৰিছো। মই এতিয়া বিচনাতে পৰি আছো। তই মোৰ লগত কথা পাতিবলৈ অকণ সময় উলিয়াব পাৰিলে ভাল। আৰু যদি মন নাই তেতিয়াও একো নাই। মই কোনো চিম্পেথীৰ কাৰণে ফোন কৰিব বিচৰা নাই। মোক কোনো টকা- পইচাৰ হেল্পো নালাগে। মই খালী জীৱনৰ লাষ্ট ষ্টেজত অকমাণ মুখকেইখন চাব বিচাৰিছো। তহঁতৰ পৰিয়াল নো কি হৈছে কি নাই হোৱা তাহাঁতক এবাৰ চাব পালে মই অন্ততঃ শান্তিত মৰিব পাৰিম।…’’


দুমাহ পূৰ্বে প্ৰতাপ চন্দ্ৰ বৰদলৈ নামৰ লোকজনে গুৱাহাটীত থকা চিকিৎসক পুত্ৰলৈ কৰিছিল এই ফোনটো। তেতিয়া পিতৃ শয্যাশায়ী। জীৱনৰ বিয়লি বেলাত এবাৰ পুত্ৰৰ মুখখন চোৱাৰ ইচ্ছা আছিল প্ৰতাপ চন্দ্ৰ বৰদলৈৰ। তেওঁ নাজানে পুত্ৰৰ সংসাৰৰ বিষয়ে। সেয়ে যদি নাতি-পুতি হৈছে, সিহঁতৰ মুখকেইখনো চোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে তেওঁ। কিন্তু সেই আশা আধৰুৱা হৈ ৰ’ল। পুত্ৰ-কন্যাৰ মুখ চোৱাৰ আশা বুকুত লৈয়ে ২৭ ফেব্ৰুৱাৰীৰ পুৱা মৃত্যুক আঁকোৱালি লয় প্ৰতাপ চন্দ্ৰ বৰদলৈয়ে। কিন্তু কিয় পিতৃৰ ওচৰলৈ এবাৰো নগ’ল চিকিৎসক পুত্ৰ? কিয় জন্মদাতা পিতৃৰ প্ৰতি এই অৱহেলা প্ৰতিষ্ঠিত চিকিৎসক পুত্ৰৰ?


প্ৰতাপ চন্দ্ৰ বৰদলৈৰ মৃত্যুৰ দুমাহ পূৰ্বৰ এই ফোনকল সম্প্ৰতি ভাইৰেল হোৱাৰ পিছতে চিকিৎসক পুত্ৰৰ কাষ চাপিছিল News18 অসম। পুত্ৰ ডাঃ অনলজ্যোতি বৰদলৈয়ে কয়, ‘‘২০০৬ চনৰ পৰাই দেউতাৰ সৈতে আমাৰ সম্পৰ্ক নাই। মোক, বাইদেউ আৰু মাক ঘৰৰ পৰা উলিয়াই দিছিল। তেতিয়া আমি আৰক্ষী থানাত এফ আই আৰো দিছিলো, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। দেউতাই সম্পত্তিখিনি বিক্ৰী কৰিবলৈ আমাক ঘৰৰ পৰা উলিয়াই দিছিল।’’ইমানেই নহয়, ডাঃ অনলজ্যোতি বৰদলৈয়ে আৰু ক’লে, ‘‘ছেপ্টেম্বৰ মাহত আমি যে দেউতাৰ সন্তান নহয় প্ৰমাণ কৰিবলৈ চিঠি দিছিল। ভাইৰেল হোৱা ফোন কলটো নৱেম্বৰ মাহৰ আছিল। ল’ৰা-ছোৱালীৰ পৰীক্ষা, মাৰ অসুখৰ বাবে দেউতাক সাক্ষাতৰ বাবে যাব নোৱাৰিলোঁ। ১৮ বছৰৰ পিছত তেওঁৰ মাতটো শুনিছিলো, নেটৱৰ্কৰ সমস্যাৰ বাবেও মাতটো চিনাত অসুবিধা হৈছিল।’’

Post a Comment

Previous Post Next Post