শনিবাৰে ড° হীৰেন গোহাঁয়ে আহ্বান কৰা বিৰোধী ঐক্যমঞ্চৰ বৈঠকত অথন্তৰ। সোণাপুৰৰ ৰিজৰ্টত চলি থকা বৈঠকৰ মাজতেই ‘ৰাইজৰ দল’ৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত লাগিল প্ৰচণ্ড বাক-বিতণ্ডা। অখিল গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত লগা বাকযুদ্ধৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বৈঠকখনত।
সভা চলি থাকোঁতে সভাস্থলী ত্যাগ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ক্ষোভিত বৰদলৈয়ে কয়, ‘মোৰ দলক বেয়াকৈ ক’ব, মই সহ্য কৰিম নেকি?’
ইপিনে, প্ৰদ্যুৎ বৰদলৈক সৈমান কৰিবলৈ চেষ্টা কৰে এপিচিচিৰ সভাপতি ভূপেন বৰাই। বৈঠকৰ পূৰ্বে অখিল গগৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছক। আমাৰ হাতত পৰা তথ্য অনুসৰি, বৈঠকৰ ভিতৰত অখিল গগৈয়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়। অখিল গগৈয়ে বৈঠকত কংগ্ৰেছক উদ্দেশ্যি কয়, ‘আপোনালোকে প্ৰথমে ঠিকেই মিটিং কৰে, কিন্তু ইলেকচনৰ সময়ত আপোনালোকক টিকট লগা হয়।’