MrJazsohanisharma

গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰধান শিক্ষক পদত নিযুক্তিৰ বাবে দিলে গুৰুত্বপূৰ্ণ ৰায়দান


 

হাইস্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰিছে গুৰুত্বপূৰ্ণ ৰায়দান। এতিয়াৰে পৰা হাইস্কুলৰ প্ৰধান শিক্ষক পদৰ বাবে যোগ্যতা লাভ কৰিব বিজ্ঞানৰ স্নাতক শিক্ষকে। দুহাজাৰতকৈও অধিক স্নাতক বিজ্ঞান শিক্ষকৰ বাবে এই সুখবৰ কঢ়িয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

পূৰ্বে উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰিছিল এইসকল শিক্ষকে। বিদ্যালয় একত্ৰীকৰণৰ পাছত হাইস্কুলত নিযুক্তি দিয়া হৈছিল এই শিক্ষকসকলক। কিন্তু তেওঁলোকৰ জ্যেষ্ঠ্যতাক প্ৰধান শিক্ষক পদৰ যোগ্যতাৰ বাবে স্বীকৃতি দিয়া হোৱা নাছিল। পূৰ্বৰ অভিজ্ঞতাক স্বীকৃতি নিদিয়াৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ শিক্ষক। আদালতৰ নিৰ্দেশৰ পাছত প্ৰধান শিক্ষক পদৰ সেৱা বিধি সলনি কৰিবলৈ বাধ্য হয় ৰাজ্য চৰকাৰ। একেটা ৰায়দানযোগে ন্যায়ালয়ে প্ৰত্যাহাৰ কৰে প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত পূৰ্বে দিয়া স্থগিতাদেশ। উল্লেখযোগ্য যে ২০২৩ বৰ্ষৰ পৰা স্থগিত হৈ আছিল প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া। আদালতৰ ৰায়দানৰ পাছত এতিয়াৰে পৰা হাইস্কুলত প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সুগম হৈ পৰিল।

Post a Comment

Previous Post Next Post