উত্তৰাখণ্ডৰ বদ্ৰীনাথত ভয়ংকৰ হিমস্খলনৰ ঘটনা সংঘটিত হৈছে। বৰফত আবদ্ধ হৈ পৰিছে ৪১জন শ্ৰমিক। জম্মু-কাশ্মীৰতো হিমস্খলনৰ সতৰ্কবাণী জাৰি কৰা হৈছে।উত্তৰাখণ্ডৰ চামোলী জিলাৰ মানাৰ সমীপত প্ৰচণ্ড তুষাৰপাতৰ ফলত এই ভয়ংকৰ হিমস্খলনৰ ঘটনা সংঘটিত হৈছে। মানাৰ সমীপত হোৱা হিমস্খলনত এটা ব্যক্তিগত কোম্পানীৰ ৫৭জনকৈ শ্ৰমিক আবদ্ধ হৈ পৰে। লগে লগে তৎপৰতাৰে আইটিবিপি, সেনা আৰু এছডিআৰএফৰ দলে অভিযান চলাই বৰফৰ মাজৰ পৰা উদ্ধাৰ কৰে ১৬জনকৈ শ্ৰমিকক। এতিয়াও বৰফত আবদ্ধ হৈ আছে ৪১জন শ্ৰমিক।
BROৰ পথ নিৰ্মাণত নিয়োজিত আছিল শ্ৰমিককেইজন। উদ্ধাৰ হোৱা শ্ৰমিকসকলৰ ৪জনৰ অৱস্থা সংকটজনক। আনহাতে আবদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। ৰাজ্যৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ৰাজ্যিক দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষত বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী।ইফালে বদ্ৰীনাথত হিমস্খলনত ক্ষতিগ্ৰস্ত লোকক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াইছে প্ৰশাসনৰ তৰফৰ পৰা। আনহাতে, নেৰানেপেৰা বৰষুণ আৰু তুষাৰপাতৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দলসমূহ। ঘটনাস্থলীত ছেটেলাইট ফোনৰ ব্যৱস্থা নথকাৰ বাবে আবদ্ধ শ্ৰমিকৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাই উদ্ধাৰকাৰী দলে। উত্তৰাখণ্ডৰ বদ্ৰীনাথত ভয়ংকৰ ঘটনাৰ পাছতে জন্মু-কাশ্মীৰতো হিমস্খলনক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী।