Union Budget 2025: বিত্তমন্ত্ৰীৰ বাজেট দাখিলৰ পাছতেই প্রশংসা প্ৰধানমন্ত্ৰী মোদী


 

শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে চলিত বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট। বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰে দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বাজেটখনক সকলো ভাৰতীয়ৰ স্বপ্ন পূৰণ কৰা বাজেট বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট-২০২৫ক প্ৰশংসা কৰি কয় যে কৰ গাঁথনিত অনা শিথিলতাই মধ্যবিত্ত শ্ৰেণী আৰু বেতনভোগী কৰ্মচাৰীসকলক ডাঙৰ সুবিধা প্ৰদান কৰিব। লগতে তেওঁ কয় যে এইবাৰৰ বাজেট ১৪ কোটি ভাৰতীয়ৰ আশা পূৰণৰ বাবে গুৰুত্বপূৰ্ণ।

বাজেট সন্দৰ্ভত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কৰ কৰ্তনৰ ঘোষণাই মধ্যবিত্ত শ্ৰেণী আৰু কৰ্মচাৰীসকলক যথেষ্ট সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই বাজেটত বছৰি ১২ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই দিয়া হৈছে। সকলো আয় গোটৰ বাবে কৰ হ্ৰাস কৰা হৈছে। এই সিদ্ধান্তৰ বাবে মধ্যবিত্ত শ্ৰেণীৰ বৃহৎ লাভ হ’ব।

কৰ কৰ্তনৰ উপৰিও বাজেটৰ অন্যান্য দিশৰ কথাও উল্লেখ কৰে মোদীয়ে। তেওঁ কয় যে এই বাজেট সঞ্চয়, বিনিয়োগ, ব্যয়, আৰু অৰ্থনৈতিক বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁ কয়, ‘এই বাজেট জনতা-জনাৰ্দনৰ। জনতাৰ বাজেটৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ।’

বাজেট সন্দৰ্ভত মোদীয়ে ব্যাখ্যা কৰি কয় যে, ‘সাধাৰণতে বাজেটৰ লক্ষ্য চৰকাৰী তহবিল পূৰণ কৰা। কিন্তু এই বাজেট তাৰ হুবহু বিপৰীত। এই বাজেটে দেশৰ নাগৰিকৰ জেপ কেনেকৈ ভৰিব, দেশৰ নাগৰিকৰ সঞ্চয় কেনেকৈ বৃদ্ধি পাব আৰু দেশৰ নাগৰিকৰ বিকাশ কেনেকৈ হ’ব, তাৰ ওপৰত আলোকপাত কৰিছে।’ মোদীয়ে এই বাজেটখন দেশৰ অৰ্থনৈতিক সংস্কাৰৰ বাবেও গুৰুত্বপূৰ্ণ বুলিও লগতে উল্লেখ কৰে।

Post a Comment

Previous Post Next Post