বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটত কি কি ঘোষণা?

 


আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰে ২০২৫ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট। এয়া মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। বাজেটত বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। অসমৰ বাবেও বাজেটত আছে ডাঙৰ ঘোষণা। লগতে কৃষক, কৰদাতা আৰু কৰ্মসংস্থাপনক লৈও বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে এই বাজেটত। চাওক বাজেটৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ঘোষণা।


কি কি আছে নিৰ্মলা সীতাৰমণৰ বাজেটত?
- প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনাৰ ঘোষণা কৰে বাজেটত। ইয়াৰ জৰিয়তে ১০০খন জিলাত ল’ প্ৰডাক্টিভিটীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইয়াত সংশোধন কৰা হ’ব। প্ৰধানমন্ত্ৰী ধনধ্যান যোজনাৰ অধীনত ১ কোটিৰো অধিক কৃষক উপকৃত হ’ব।
- কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে লাভ কৰিব অধিক ঋণ। কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে লোন ৩ লাখ টকাৰ পৰা বৃদ্ধি কৰি ৫ লাখ টকা কৰা হ’ব।
- অসমত ইউৰিয়াৰ প্ৰকল্প স্থাপন হ’ব। চৰকাৰে ইউৰিয়াৰ যোগান বৃদ্ধিৰ বাবে অসমৰ নামৰূপত স্থাপন কৰিব প্ৰকল্প।
- কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা বৃদ্ধি, এতিয়া কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈ ঋণ পাব।
- বিহাৰত স্থাপন হ’ব মাখান ব’ৰ্ড। এই ব’র্ডে মাখানা কৃষকক সহায় কৰিব।
- বহনক্ষম মাছ ধৰাত উগনি দিয়া হ’ব। মীন উদ্যোগত দ্বিতীয় স্থানত আছে ভাৰত। সাগৰীয় খাদ্যৰ মূল্য ৬০ হাজাৰ কোটি টকা। ইয়াৰ জৰিয়তে আন্দামান আৰু নিকোবৰক বিশেষ গুৰুত্ব দি বহনক্ষম মাছ ধৰাত উদগনি দিয়া হ’ব।
- ভাৰতক পুতলাৰ গ্ল’বেল হাব কৰি তোলাৰ লক্ষ্য। ইয়াৰ বাবে আঁচনি আৰম্ভ কৰা হ’ব। ইক’ছিষ্টেমৰ বিকাশত জোৰ দিয়া হ’ব। যাৰ জৰিয়তে উচ্চ মানৰ পৰিৱেশ অনুকূল খেলনা নিৰ্মাণ হ’ব।
- উদ্যমিতাক উদগনি দিয়াৰ বাবে কাৰ্যক্ৰম আৰম্ভ কৰা হ’ব। ৫ লাখ মহিলা, অনুসূচিত জাতিৰ মহিলাসকলৰ বাবে আঁচনি আৰম্ভ কৰা হ’ব।
- MSME ছেক্টৰক উদগনি দিয়াৰ বাবে লোন দিয়াৰ বাবে কাৰ্ড জাৰি কৰা হ’ব। MSMEক অধিক প্ৰসাৰ কৰাৰ বাবে বৰ্গীকৰণৰ লগতে সীমা দুগুণ কৰা হ’ব। ইয়াৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টি হ’ব। লোন ৫ কোটিৰ পৰা বৃদ্ধি কৰি ১০ কোটি, ষ্টাৰ্টআপৰ বাবে লোন ১০ কোটিৰ পৰা বৃদ্ধি কৰি ২০ কোটি কৰা হ’ব।
- চামৰা উদ্যোগ আঁচনিত ২২ লাখ নতুন চাকৰি সৃষ্টি কৰাৰ লক্ষ্য ৰখা হৈছে। ইয়াৰ বাবে চৰকাৰে সহায় কৰিব।
- ভাৰতীয় ভাষা গ্ৰন্থ আঁচনি আৰম্ভ কৰা হ’ব। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল মাধ্যমৰ জৰিয়তে নিজৰ ভাষাৰ কিতাপ বুজিবলৈ সহায় কৰা।
- পাটনা আইআইটিত আসনৰ সংখ্যা বৃদ্ধি কৰা হ’ব। লগতে হোষ্টেলৰ সংখ্যাও বৃদ্ধি কৰা হ’ব। ২০১৬ৰ পিছত আৰম্ভ হোৱা IITত যাতে হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক সুবিধা প্ৰদান কৰিব পৰা যায়। পাটনা আইআইটিত আন্তঃগাঁথন সম্প্ৰসাৰণ কৰা হ’ব।
- AI ছেক্টৰক উদগনি দিয়াৰ বাবে ৫০০ কোটি টকা আবণ্টন।
- পৰৱৰ্তী ৫ বছৰত ৭৫০০০ নতুন মেডিকেল আসন।
- নগৰ অঞ্চলৰ উন্নতিৰ বাবে উৎসাহিত কৰিবলৈ চৰকাৰে ১ লাখ কোটি টকাৰ পুঁজি আগবঢ়াব।
- পাৰমাণৱিক শক্তিৰ বিকাশৰ বাবে ব্যক্তিগত খণ্ডৰ সৈতে সহযোগিতা।
- পৰমাণু শক্তিৰ বিকাশৰ বাবে ব্যক্তিগত খণ্ডৰ সৈতে সহযোগিতা কৰা হ’ব। পৰমাণু শক্তি মিছনৰ ব্যৱস্থা কৰা হ’ব। লগতে চৰকাৰে স্বচ্ছ প্ৰযুক্তি উৎপাদনত সহায়ক হোৱাকৈ এক মিছন আৰম্ভ কৰিব।
- সকলো চৰকাৰী মাধ্যমিক বিদ্যালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক ব্ৰডবেণ্ড সংযোগ প্ৰদান কৰা হ’ব।
- সকলো জিলা হাস্পতালত ডে’ কেয়াৰ কেঞ্চাৰ চেণ্টাৰ স্থাপন হ’ব। আগন্তুক তিনি বছৰত সকলো জিলা হাস্পতালত ডে’ কেয়াৰ কেন্সাৰ চেণ্টাৰ স্থাপন কৰাৰ সুবিধা প্ৰদান কৰিব।
- বিহাৰৰ ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিবলৈ বিহাৰত গ্ৰীনফিল্ট বিমানবন্দৰৰ সুবিধা প্ৰদান কৰা হ’ব। এয়া পাটনা বিমানবন্দৰৰ ক্ষমতাতকৈ অধিক হ’ব।
- নতুন উড়ান আঁচনি আৰম্ভ কৰা হ’ব। ইয়াত ১২০টা নতুন গন্তব্যস্থান অন্তৰ্ভুক্ত হ’ব। ৪ কোটি অতিৰিক্ত যাত্ৰীক সেৱা প্ৰদান কৰা হ’ব।
- জল জীৱন মিছন ২০২৮ চনলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ জৰিয়তে ১০০ শতাংশ গ্ৰামীণ আবাদীক সাঙোৰা হ’ব। ২০১৯ৰ পৰা এতিয়ালৈ ৮০ শতাংশ গ্ৰামীন আবাদী সাঙুৰি লোৱা হৈছে।
- ২০২৫ চনত অতিৰিক্ত ৪০ হাজাৰ সুলভ মূল্যৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ’ব।
- বিদ্যুৎ বিতৰণ আৰু সংবহন কোম্পানীসমূহক শক্তিশালী কৰা হ’ব।
- পৰ্যটন বৃদ্ধিৰ বাবে বুদ্ধ চাৰ্কিটত গুৰুত্ব দিয়া হ’ব।
- বোধ গয়াৰ বিকাশ হ’ব।
- ভাৰতত প্ৰস্তুত কৰা কাপোৰ, ম’বাইল আৰু চামৰাৰ সামগ্ৰীৰ দাম কমিব। দাম কমিব এলইডি আৰু স্মাৰ্ট টিভিৰ। ম’বাইল আৰু ইলেকট্ৰ’নিক গাড়ীৰ দাম হ্ৰাস পাব। ৩৬ বিধ ঔষধৰ আবকাৰী শুল্ক হ্ৰাস পাব।
- কেন্সাৰৰ ৰোগীৰ বাবে বাজেটত ডাঙৰ ঘোষণা। কেন্সাৰ ৰোগীৰ বাবে প্ৰয়োজনীয় ৩৬ বিধ ঔষধৰ বুনিয়াদী সীমা শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ ঘোষণা। অৰ্থাৎ কেন্সাৰৰ ঔষধৰ দাম হ্ৰাস পাব।
- কৰদাতাসকলৰ বাবে বাজেটত ডাঙৰ ঘোষণা। এতিয়া ১২ লাখ টকা আয়ত কোনোধৰণৰ আয়কৰ দিব নালাগে। আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা ২ বছৰৰ পৰা বৃদ্ধি কৰি ৩ বছৰ কৰা হৈছে।
- কেন্সাৰ ৰোগীৰ বাবে প্ৰয়োজনীয় ৩৬ বিধ ঔষধৰ বুনিয়াদী সীমা শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ ঘোষণা। অৰ্থাৎ কেন্সাৰৰ ঔষধৰ দাম হ্ৰাস পাব।

Post a Comment

Previous Post Next Post