বাজেটত কিহৰ দাম কমিল, কিহৰ বাঢ়িল? মধ্যবিত্তৰ বাবে ডাঙৰ ঘোষণা বিত্তমন্ত্ৰীৰ

 


আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে সাধাৰণ বাজেট। বাজেটত মধ্যবিত্তৰ বাবে ডাঙৰ সকাহ। সাধাৰণ জনতাৰ বাবে ডাঙৰ ঘোষণা বাজেটত। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, ভাৰতত প্ৰস্তুত কৰা কাপোৰ, ম’বাইল আৰু চামৰাৰ সামগ্ৰীৰ দাম হ্ৰাস পাব। দাম কমিব এলইডি আৰু স্মাৰ্ট টিভিৰ। ম’বাইল আৰু ইলেকট্ৰ’নিক গাড়ীৰ দাম হ্ৰাস পাব। ৩৬ বিধ ঔষধৰ আবকাৰী শুল্ক হ্ৰাস পাব।


লগতে, কেন্সাৰৰ ৰোগীৰ বাবে বাজেটত ডাঙৰ ঘোষণা কৰা হৈছে। কেন্সাৰ ৰোগীৰ বাবে প্ৰয়োজনীয় ৩৬ বিধ ঔষধৰ বুনিয়াদী সীমা শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ ঘোষণা। অৰ্থাৎ কেন্সাৰৰ ঔষধৰ দাম হ্ৰাস পাব।

আয়কৰক লৈও বিত্তমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰে বাজেটত। এতিয়া ১২ লাখ টকা আয়ত কোনোধৰণৰ আয়কৰ দিব নালাগে। আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা ২ বছৰৰ পৰা বৃদ্ধি কৰি ৪ বছৰ কৰা হৈছে। এতিয়া ১২ লাখ টকাৰ আয়ত কোনোধৰণৰ কৰ দিব নালাগে। অৰ্থাৎ ১ লাখ টকাৰ মাহিলী উপাৰ্জনত কৰ দিব নালাগে।

দাম কমিল -
- ৩৬ বিধ কেন্সাৰৰ ঔষধ
- মেডিকেল উপকৰণ
- এল ই ডি
- ভাৰতত প্ৰস্তুত হোৱা কাপোৰ
- ম’বাইল ফোনৰ বেটাৰী
- লেডাৰ জেকেট
- জোতা
- বেল্ট
- পাৰ্চ
- ইভি বাহন
- এলচিডি
- এলইডি টিভি
- হেণ্ডলুম কাপোৰ

Post a Comment

Previous Post Next Post