Reliance We Care: মহাকুম্ভৰ দৰ্শনাৰ্থীৰ বাবে ৰিলায়েঞ্চৰ বিশেষ পদক্ষেপ, পুষ্টিকৰ খাদ্যৰ পৰা নিৰাপদ যাতায়াতলৈ..


 

প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। গংগা, যমুনা, সৰস্বতী- এই তিনিখন পবিত্ৰ নদীত ‘পবিত্ৰ স্নান’ কৰিবলৈ কোটি কোটি ভক্তৰ সমাগম হৈছে প্ৰয়াগৰাজত। প্ৰয়াগৰাজৰ কুম্ভমেলাৰ প্ৰতি লক্ষ্য ৰাখি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডে তীৰ্থযাত্ৰীসকলৰ সেৱাৰ বাবে আৰম্ভ কৰিছে ‘তীৰ্থ যাত্ৰা সেৱা’। এই ধাৰণাটোৰ জন্ম হৈছিল ‘We Care’ মতাদৰ্শৰ ওপৰত ভিত্তি কৰি। ইয়াত তীৰ্থযাত্ৰীসকলৰ বাবে পুষ্টিকৰ খাদ্যৰ পৰা আৰম্ভ কৰি নিৰাপদ যাতায়াতৰ ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপত ৰিলায়েঞ্চে কি বিশেষ গুৰুত্ব দিছে জানো আহক।


১) অন্ন সেৱাঃ মহাকুম্ভত হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ আগমনৰ কথা মনত ৰাখি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজে এই পদক্ষেপ গ্ৰহণ কৰিছে, যাতে তীৰ্থযাত্ৰীসকলে পুষ্টিকৰ খাদ্য খাব পাৰে।

২) স্বাস্থ্য আৰু সুৰক্ষাঃ সমগ্ৰ মহাকুম্ভ চৌহদত ২৪x৭ চিকিৎসাৰ ব্যৱস্থা কৰিছে ৰিলায়েঞ্চে। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহিলা তীৰ্থযাত্ৰীসকলকো চেনিটেৰী নেপকিন বিতৰণ কৰা হৈছে।

৩) পৰিবহণৰ সুবিধাঃ ৰিলায়েঞ্চে জ্যেষ্ঠ নাগৰিকসকলক বৈদ্যুতিক বাহনেৰে কুম্ভমেলালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে। ফলত প্ৰয়াগৰাজৰ পৰা সংগমলৈ যাতায়াত বহুত সহজ হৈ পৰিছে।

৪) নিৰাপদ যাত্ৰাঃ তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি জল আৰক্ষীৰ সহায় লোৱা হৈছে। স্থানীয় প্ৰশাসনৰ পৰাও সহায় বিচৰা হৈছে। ফলত পবিত্ৰ জলধাৰাত তীৰ্থযাত্ৰীসকলে গা ধোৱাটো বহুত সহজ হৈ পৰিছে।

৫) বিশ্ৰাম স্থানঃ মহাকুম্ভত খোজ কঢ়াৰ সময়ত বহু লোক যে ভাগৰুৱা হৈ পৰে। সেই কথা মনত ৰাখি বিশেষ বিশ্ৰাম স্থানৰ সৃষ্টি কৰা হৈছে। যাতে দৰ্শনাৰ্থীয়ে নিৰাপদে আৰু শান্তিৰে জিৰণি ল’ব পাৰে।

৬) স্পষ্ট দিশঃ মহাকুম্ভত ভুল দিশ বহু লোক হেৰাই যায়। তাৰ বাবে ব’ৰ্ডত স্পষ্ট নিৰ্দেশনা দিয়া হৈছে।

৭) শক্তিশালী নেটৱৰ্কঃ ৰিলায়েন্স জিঅ’ শক্তিশালী ৪জি আৰু ৫জি নেটৱৰ্কৰ বাবেই ভিৰৰ মাজত হেৰাই গ’লেও সহজে বিচাৰি পাব পাৰি। নতুন অপটিকেল ফাইবাৰেৰে এই নেটৱৰ্ক শক্তিশালী কৰা হৈছে।

Post a Comment

Previous Post Next Post