UCC Live in Rules: লিভ-ইন-ৰিলেছন সন্দৰ্ভত নতুন নিয়ম! দাখিল কৰিব লাগিব ১৬ পৃষ্ঠাৰ ফৰ্ম



 সম ন্যায় সংহিতা (Uniform Civil Code) ৰূপায়ণ কৰা দেশৰ প্ৰথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড। ইয়াৰ দ্বাৰা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে দেৱানী গোচৰত একে নিয়ম প্ৰযোজ্য হোৱাটো নিশ্চিত হ’ব। এই নতুন ব্যৱস্থাই লিভ-ইন সম্পৰ্ক (Live in Relation)ৰ বাবে নিৰ্দিষ্ট নিয়ম প্ৰৱৰ্তন কৰে। আপুনি উত্তৰাখণ্ডৰ বাসিন্দা হওক বা আন যিকোনো ৰাজ্যৰ বাসিন্দা হওক, এতিয়াৰ পৰা এই ৰাজ্যত বসবাস কৰিবলৈ পুৰুষ-মহিলা উভয়ে ১৬ পৃষ্ঠাৰ এখন প্ৰ-পত্ৰ পূৰণ কৰি চৰকাৰ আৰু প্ৰশাসনক তেওঁলোকৰ বিষয়ে সবিশেষ জমা দিব লাগিব।


নতুন নিৰ্দেশনা অনুসৰি লিভ ইন ৰিলেচনত থকা পুৰুষ-মহিলা উভয়ে এই ১৬ পৃষ্ঠাৰ ফৰ্ম পূৰণ কৰিব লাগিব। নাম পঞ্জীয়নৰ সময়ত AADHAARৰ সৈতে সংযুক্ত OTP প্ৰদান কৰিব লাগিব। কেৱল সেয়াই নহয়, আগতে যদি তেওঁলোকৰ কিবা সম্পৰ্ক আছিল, তেন্তে সেই সম্পৰ্কেও সবিশেষ তথ্য দিব লাগিব। তদুপৰি কোনো ধৰ্মগুৰুৰ পৰা লিখিত প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব যে সেই দম্পতীয়ে ইচ্ছা কৰিলে ইজনে সিজনক বিয়া কৰাব পাৰে।উত্তৰাখণ্ডত যোৱা ২৭ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে সম ন্যায় সংহিতা। যিসকলে উত্তৰাখণ্ডত বাস কৰি আছে বা তাত বসবাসৰ চিন্তা-চৰ্চা কৰি আছে তেওঁলোকে অনলাইন আৰু অফলাইনত এই পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। একেদৰে যদি কোনো দম্পতী বা দুয়োজনৰ কোনো এজনে লিভ-ইন সম্পৰ্ক বিচ্ছিন্ন কৰিব বিচাৰে তেন্তে তেওঁলোকে নিজৰ সংগী আৰু জিলা পঞ্জীয়কক জনাই দিব লাগিব। যাতে পৃথকীকৰণ প্ৰক্ৰিয়া আৰু তথ্যও সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত থাকে।

প্ৰতিটো দম্পতীয়ে লিভ ইন ৰিলেচন পঞ্জীয়ন কৰিবলৈ ৫০০ টকা জমা দিব লাগিব। যদি কোনো দম্পতীয়ে লিভ ইন ৰিলেচন আৰম্ভ কৰাৰ এমাহৰ ভিতৰত নাম পঞ্জীয়ন নকৰে তেন্তে অতিৰিক্ত ১০০০ টকা মাছুল দিব লাগিব। বিচ্ছেদ কৰিবলৈ হ’লেও পঞ্জীয়ন কৰিবলৈ আৰু ৫০০ টকা দিব লাগিব।

নতুন আইনত উল্লেখ আছে যে যদি কোনো লিভ ইন ৰিলেচন পঞ্জীয়নত এমাহ পলম হয় বা কোনোবাই যদি ভুৱা তথ্য জমা দি পঞ্জীয়ন কৰে, তেন্তে ধৰা পৰিলে ৬ মাহ পৰ্যন্ত কাৰাদণ্ড আৰু ২৫ হাজাৰ টকা জৰিমনা বিহা হ’ব পাৰে। যদি কোনো দম্পতীয়ে নিয়ম মানি নচলে চৰকাৰ বা প্ৰশাসনে জাননী দি তেওঁলোকক suo motu serve কৰিব পাৰে। বা কাৰোবাৰ অভিযোগৰ ভিত্তিত লিভ-ইন ৰিলেচনত থকা কোনো ব্যক্তিক জাননী দিয়া হ’ব পাৰে।

Post a Comment

Previous Post Next Post