দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতেই প্ৰকাশ পালে বিভিন্ন সংস্থাৰ এগজিট পোল। এগজিট পোল অনুসৰি, দিল্লীত পুনৰ শাসনলৈ উভতিব ভাৰতীয় জনতা পাৰ্টী। কেইবাটাও সংস্থাৰ এগজিট পোলক বিজেপিক দিয়া হৈছে সংখ্যাগৰিষ্ঠ আসন।
পিপুলছ পালছ এণ্ড প’ডেমৰ সমীক্ষামতে, দিল্লীত বিজেপিয়ে লাভ কৰিব ৫১ৰ পৰা ৬০খন আসন। একেদৰে, আপে লাভ কৰিব ১০ৰ পৰা ১৯খন আসন। পিপুলছ পালছ এণ্ড প’ডেমৰ সমীক্ষা অনুসৰি, কংগ্ৰেছে দিল্লীত খুলিবই নোৱাৰিলে খাটা।
মেট্ৰিজৰ মতে বিজেপিয়ে পাব ৩৫ৰ পৰা ৪০খন আসন। আপ জয়ী হ’ব পাৰে ৩২ৰ পৰা ৩৭খন আসনত।
দিল্লী বিধানসভা নিৰ্বাচনৰ EXIT POLL প্ৰকাশ
PPCৰ সমীক্ষা মতে বিজেপিয়ে লাভ কৰিব ৫১-৬০খন আসন। PPCৰ সমীক্ষা মতে আপে লাভ কৰিব ১০-১৯খন আসন। PPCৰ সমীক্ষা মতে দিল্লীত কংগ্ৰেছ শূন্য।
P MARQৰ মতে আপে লাভ কৰিব ১০-১৯খন আসন। P MARQৰ মতে বিজেপিয়ে লাভ কৰিব ৫১-৬০খন আসনJVCৰ সমীক্ষা মতে আপে লাভ কৰিব ২২-৩১খন আসন। JVCৰ সমীক্ষা মতে বিজেপিয়ে লাভ কৰিব ৩৯-৪৫খন আসন। JVCৰ সমীক্ষা মতে কংগ্ৰেছে লাভ কৰিব ০-২খন আসন।
PEOPLE INSIGHTৰ সমীক্ষা মতে আপে পাব ২৫-২৯খন আসন। PEOPLE INSIGHTৰ মতে বিজেপিয়ে পাব ৪০-৪৪খন আসন। PEOPLE INSIGHTৰ মতে কংগ্ৰেছে লাভ কৰিব ০-২খন আসন। PEOPLES PULSEৰ মতে বিজেপিয়ে পাব ৫১-৬০খন আসন। PEOPLES PULSEৰ মতে আপে পাব ১০-১৯খন আসন। CHANKYA STRATEGIES সমীক্ষাত বিজেপিক দিয়া হৈছে ৩৯-৪৪খন আসন। আপক দিয়া হৈছে ২৫-২৮খন আসন।