আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। শংকৰ সংঘৰ অধিৱেশনক লৈ উদুলি মুদুলি হৈ পৰিছে যোৰহাটৰ ম’হবন্ধাৰ এৰালতলী পথাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱেৰে ভৰি পৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱক আদৰণি জনাইছে অধিৱেশনস্থীলত। বুধবাৰে অধিৱেশনস্থলীত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা। অধিবেশনস্থলীত উপস্থিত হোৱাৰ লগে লগে শংকৰদেৱ সংঘৰ যুৱ বাহিনীৰ লগতে আইমাতৃসকলে পদাধিকাৰগৰাকীক উষ্ম আদৰণি জনায়। সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে হৰিনামৰ অমিয়া বাণী।
হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে দ্বিতীয় বৈকুণ্ঠ ধামত পৰিণত যোৰহাটৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। ১২ বিঘা ভূমিৰ বিশাল ক্ষেত্ৰত ভকত বৈষ্ণৱক সেৱা ধৰিছে ১০ হাজাৰ সেৱক-সেৱিকাই। চাৰি দিনীয়া কাৰ্যসূচীৰে দেওবাৰলৈ অনুষ্ঠিত হ’ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ সমগ্ৰ যোৰহাটত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ। গুৰু দুজনাৰ সৃষ্টিৰাজিৰ অবিৰত চৰ্চাৰ লগতে সমাহাৰ ঘটিছে সাহিত্য আৰু নানা কৃষ্টি-সংস্কৃতিৰ।
ইপিনে অধিৱেশনলৈ অহা ভকত বৈষ্ণৱক আপ্যায়ন কৰাৰ বাবে মাজনিশাৰ পৰা চলিছে ৰন্ধা-বঢ়া। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাটৰ অধিৱেশনস্থলীত নিশা ২ বজাৰ পৰাই এক লাখ লোকৰ বাবে প্ৰস্তুত কৰা হৈছে খাদ্য। লাখ লাখ ভক্তক খাদ্য পৰিৱেশন কৰিবৰ বাবে এৰালতলী পথাৰত একেলগে জ্বলিছে ২০০টা চৌকা। অধিৱেশনস্থলীত অস্থায়ীভাৱে নিৰ্মাণ কৰা বৃহৎ ৰান্ধনীশালত লাখ লাখ ভকত বৈষ্ণৱৰ বাবে প্ৰস্তুত কৰা হৈছে খাদ্য। পাচলি কটাই কাটিছে, ৰন্ধাই ৰান্ধিছে, বিলনীয়াই বিলাইছে।