পুনৰ উত্তপ্ত হৈ উঠিছে বাংলাদেশৰ পৰিস্থিতি। বুধবাৰে নিশাৰ পৰা বাংলাদেশত বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি। শ্বেখ মজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত বাসগৃহত চলিল ক্ষুব্ধ জনতাৰ আক্ৰমণ। বাংলাদেশৰ ধানমন্দী-৩২ত থকা বাসগৃহত আক্ৰমণ কৰে শতাধিক জনতাই। প্ৰথমতে বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে জনতাই। তাৰ পাছতে শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহটোত অগ্নিসংযোগ কৰে। দিল্লীত নিৰাপদ স্থানত থাকি শ্বেখ হাছিনাই বাংলাদেশৰ ছাত্ৰ আৰু জনতাক উদ্দেশ্যি ভাষণ দিয়াৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হয়। শ্বেখ হাছিনাৰ ভাষণৰ পাছতে ‘ধানমন্দীলৈ যাত্ৰা’ শীৰ্ষক এক প্ৰতিবাদী সমদল উলিয়াই ছাত্ৰ সংগঠনৰ লগতে একাংশ জনতাই। এই সমদল ধানমন্দী-৩২ত গৈ উপস্থিত হোৱাৰ পাছতে হিংসাত্মক ৰূপ ধাৰণ কৰে।
একাংশ উত্তেজিত জনতা আৰু ছাত্ৰ সংগঠনৰ সদস্যই শ্বেখ হাছিনা মুৰ্দাবাদ ধ্বনি দি বংগবন্ধুৰ ঘৰত প্ৰৱেশ কৰে। ছাত্ৰ জনতাৰ এই প্ৰতিবাদৰ সময়ত সকলো দেখিও নীৰৱে আছিল বাংলাদেশৰ আৰক্ষী অথবা সেনা। একপ্ৰকাৰ জনতাৰ প্ৰতিবাদত অসহায় পৰিছিল আৰক্ষী আৰু সেনা। দেশৰ পৰা পলায়ন কৰাৰ পাছতে ভাৰতত আশ্ৰয় লৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পিতৃ তথা বংগবন্ধুও সাৰি নগ’ল উত্তেজিত জনতাৰ ক্ষোভৰ পৰা। ইতিপূৰ্বে বংগ বন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বহুকেইটা প্ৰতিমূৰ্তি ভাঙি পেলাইছিল দেশখনৰ প্ৰতিবাদী জনতাই।
ইফালে বংগবন্ধুৰ ঘৰত আক্ৰমণ কৰিয়েই ক্ষান্ত হোৱা নাই প্ৰতিবাদী ছাত্ৰ আৰু জনতা। আৱামী লীগৰ যুটীয়া সাধাৰণ সম্পাদক তথা কুষ্টিয়াৰ সমষ্টিৰ সাংসদ মাহাবুব উল আলম হানিফৰ বাসগৃহতো আক্ৰমণ কৰে। উত্তেজিত জনতা আৰু ছাত্ৰ প্ৰতিবাদীয়ে মাহাবুব উল আলম হানিফৰ বনাসগৃহত বুলডজাৰ লগাই ভাঙি পেলায়। কেৱল ইমানেই নহয়, বাসগৃহত বুলডজাৰেৰে আক্ৰমণ কৰাৰ পাছতে অগ্নিসংযোগো কৰে উত্তেজিত জনতাই। আৱামী লীগৰ বিৰুদ্ধে শ্লোগান দিয়ে ক্ষুব্ধ জনতাই। উল্লেখ্য যে, যোৱা ৫ আগষ্টৰ জনতাৰ অভ্যুত্থানৰ পাছকে পলায়ন কৰিছিল আৱামী লীগৰ যুটীয়া সাধাৰণ সম্পাদক তথা কুষ্টিয়াৰ সমষ্টিৰ সাংসদ মাহাবুব উল আলম হানিফ। আজিলৈকে গোপন স্থানত আত্মগোপন কৰি আছে সাংসদ মাহাবুব উল আলম হানিফে। ইয়াৰ পূৰ্বেও ৪ আগষ্টত হানিফৰ বাসগৃহত আক্ৰমণ কৰিছিল জনতাই।