Drug Trafficking: ম্যানমাৰৰ পৰা আহে য়াবা টেবলেট, বাংলাদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ডেৰে আছে গোপন পথ


  

ম্যানমাৰ নাগৰিকে উত্তৰ পূৱত বাহৰ পাতি চলাই আছে ড্ৰাগছৰ বেহা। আন্তঃৰাষ্ট্ৰীয় সীমান্তয়েদি প্ৰৱেশ কৰি অবৈধভাৱে বাহৰ পাতি থকা ম্যানমাৰৰ নাগৰিকৰ নেতৃত্বতে চলি আছে ড্ৰাগছৰ বেহা। ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত মিজোৰামত গ্ৰেপ্তাৰ হৈছে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী। মিজোৰাম আবকাৰী বিভাগ আৰু নাৰ্কটিকছ বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰৱ্য। ৪ ফেব্ৰুৱাৰীত চলোৱা এই অভিযানত মিজোৰামৰ চম্ফাই জটৰ পৰা জব্দ কৰে ২০ হাজাৰ নিচাযুক্ত টেবলেট। আছাম ৰাইফলছ আৰু আবকাৰী বিভাগ আৰু নাৰ্কটিকছ বিভাগে চলাইছিল যুটীয়া অভিযান। ইফালে নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰাৰ দুজন ব্যক্তি ম্যানমাৰৰ নাগৰিক আৰু দুজন শ্ৰীভূমি জিলাৰ। দলটোৱে টেবলেটৰ লগতে বুধবাৰে পুৱা আইজলৰ খাটলাৰ পৰা ২৪৬ গ্ৰাম হেৰ’ইনো জব্দ কৰিছে। জব্দ কৰা সামগ্ৰী সমুহ সৰবৰাহ কৰাৰ বাবে ব্যৱহাৰ কৰা দুখন চাৰিচকীয়া বাহনো জব্দ কৰিছে। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত চলাই আছে আৰক্ষীয়ে।


ম্যানমাৰৰ পৰা অসমলৈও সৰবৰাহ হৈ আহিছে ড্ৰাগছ। বিভিন্ন সময়ত অসমত ধৰা পৰা ড্ৰাগছৰ সূত্ৰ বিচাৰি যদি চোৱা যায় তেনেহ’লে ইয়াৰ অন্তৰালত ম্যানমাৰৰে আঁত বিচাৰি পোৱা যায়। নগালেণ্ড, মণিপুৰ, মিজোৰামৰ সীমাই চুই আছে ম্যানমাৰৰ সীমান্তক। যাক পৰিপ্ৰেক্ষিতত উত্তৰ পূৱৰ এই তিনিখন ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তয়েদি গোপন পথেৰে পাৰ হৈ আহে ড্ৰাগছ, নিচাযুক্ত টেবলেট আদি। ম্যানমাৰত অবৈধ ভাৱে প্ৰস্তুত কৰা য়াবা টেবলেট মেলি দিয়া হয় উত্তৰ পূৱকে ধৰি বাংলাদেশৰ বজাৰত। আমি যদি চাও তেনেহ’লে বাংলাদেশৰ পৰাও অসমলৈ সৰবৰাহ হয় হৈ আহিছে ড্ৰাগছ, নিচাযুক্ত টেবলেট।


বিশেষকৈ ম্যানমাৰ আৰু বাংলাদেশৰ সীমান্তত থকা মাউংদাউ হৈ নাফ নদীয়েদি পাৰ হয় ড্ৰাগছ। নদী পথ আৰু সাগৰীয় পথেৰেও আহে ড্ৰাগছ। সীমান্তয়েদি প্ৰৱেশ কৰা য়াবা টেবলেট আৰু ড্ৰাগছ বাংলাদেশৰ পৰা পুনৰ অসমলৈ সৰবৰাহ হয়। এনেকৈয়ে চলি আছে ড্ৰাগছৰ ক’লা সাম্ৰাজ্য। উত্তৰ পূৱত পাহাৰীয়া গিৰি পথেৰে আছে ড্ৰাগছ সৰবৰাহ কৰা কৰিড’ৰ। যাৰ জৰিয়তে ম্যানমাৰৰ পৰা ড্ৰাগছকে ধৰি বাৰ্মিজ চুপাৰি, গৰু, মাছ আদি সৰবৰাহ কৰা হয়। অতি ভিতৰুৱা আৰু দুৰ্গম অঞ্চলেদি সৰবৰাহ কৰা এই চোৰাং সামগ্ৰীসমূহ সৰবৰাহ কৰাৰ ক্ষেত্ৰত উত্তৰ পূৱৰ একাংশ বিদ্ৰোহী সংগঠনৰো হাত থকাৰ সন্দেহ কৰি আহিছে সময়ে সময়ে। যাৰ বাবে নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দি সীমান্তয়েদি অহৰহ সৰবৰাহ হৈছে ড্ৰাগছকে ধৰি বিভিন্ন সামগ্ৰী।

Post a Comment

Previous Post Next Post