ফ্ৰাঞ্চত AI সন্মিলনত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বাধিক সোধা প্ৰশ্নটো হ’ল যে কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ চাকৰিৰ ঠাই ল’ব পাৰেনে? এই প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ইতিহাসে দেখুৱাইছে যে প্ৰযুক্তিৰ বাবে কাম নোহোৱা হৈ নাযায়। ইয়াৰ প্ৰকৃতি সলনি হয় আৰু নতুন ধৰণৰ চাকৰিৰ সৃষ্টি হয়।’ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘এআই চালিত ভৱিষ্যতৰ বাবে আমাৰ লোকসকলক দক্ষতা আৰু পুনৰ দক্ষতা প্ৰদানত বিনিয়োগ কৰাটো প্ৰয়োজন।’
সন্মিলনখনত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘এআই-এ লাখ লাখ লোকৰ জীৱন ৰূপান্তৰিত কৰাত সহায় কৰিব পাৰে। শিক্ষা, কৃষি আৰু বহুতো ক্ষেত্ৰত এআই-এ এনে এখন পৃথিৱী সৃষ্টি কৰাত সহায় কৰিব পাৰে, য’ত বহনক্ষম শক্তিৰ লক্ষ্যৰ যাত্ৰা দ্ৰুত হয়।’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এআই-এ ৰাজনীতি, অৰ্থনীতি, নিৰাপত্তা আৰু সমাজ সলনি কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ মূল্যবোধক ৰক্ষা কৰা, বিপদৰ সমাধান কৰা আৰু বিশ্বাস গঢ়ি তোলা শাসন আৰু মান স্থাপনৰ বাবে সামূহিক বিশ্বব্যাপী প্ৰচেষ্টাৰ প্ৰয়োজন।সম্প্ৰতি তিনিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰাঞ্চত আছে মোদী। প্ৰধানমন্ত্ৰীয়ে পেৰিছত মেক্ৰনৰ সৈতে এআই একচন ছামিটৰ সহ-অধ্যক্ষতা কৰে। তেওঁৰ সৈতে দ্বিপাক্ষিক আলোচনাও কৰিব মোদীয়ে আৰু ব্যৱসায়িক নেতাসকলক সম্বোধন কৰিব।