Delhi New CM: দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব মহিলা? চৰ্চাত ৪ গৰাকী মহিলা বিধায়কৰ নাম



সুদীৰ্ঘ ২৭ বছৰৰ পাছত দিল্লী বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে বৃহৎ জয় লাভ কৰিছে। কিন্তু এতিয়া কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, তাক লৈ দেশৰ ৰাজনৈতিক মহলত চলিছে চৰ্চা। যদিও দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী এগৰাকী মহিলা হ’ব পাৰে বুলি বিজেপিৰ ভিতৰত চৰ্চা চলিছে। দিল্লীৰ ৭০খন বিধানসভাৰ আসনৰ ভিতৰত ৪৮খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। গেৰুৱা শিবিৰৰ সূত্ৰ অনুসৰি বিজয়ী ৪৮ গৰাকী বিধায়কৰ মাজৰ পৰা কোনোবা এজনক মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হ’ব। নিৰ্বাচনত পৰাজিত বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা ব্যক্তিক মুখ্যমন্ত্ৰীৰ আসনত বহুওৱা নহয়।


সূত্ৰটোৱে লগতে দাবী কৰে যে উপ-মুখ্যমন্ত্ৰীৰ পদটো দলিত সম্প্ৰদায়ৰ প্ৰতিনিধি বা পিছপৰা জাতিৰ প্ৰতিনিধিক দিব পাৰে। তদুপৰি নতুন মন্ত্ৰীসভাত দলিত আৰু মহিলাৰ সংখ্যা বেছি হ’ব পাৰে। দিল্লীৰ সম্ভাৱ্য মহিলা মুখ্যমন্ত্ৰী হিচাপে চাৰিটা নাম চৰ্চালৈ আহিছে- শলিমাৰ বাগ সমষ্টিৰ পৰা জয়ী হোৱা ৰেখা গুপ্তা, বৃহত্তৰ কৈলাশৰ বিধায়িকা শিখা ৰায়, ৱাজিৰপুৰ সমষ্টিৰ পৰা পুনম শৰ্মা আৰু নাজৰগড় সমষ্টিৰ পৰা নীলম পেহলৱান। অৰবিন্দ কেজৰিৱালৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল আপ নেতা আতিশীয়ে। তেনে ক্ষেত্ৰত আতিশীৰ পিছত দিল্লীৰ মছনদ আকৌ এবাৰ এগৰাকী নাৰীৰ হাতলৈ যাব পাৰে বুলি চলিছে চৰ্চা।বিজেপিৰ বিজয়ৰ পিছত অৱশ্যে প্ৰথমে দিল্লীৰ সম্ভাৱ্য নতুন মুখ্যমন্ত্ৰী হিচাপে পৰবেশ ভাৰ্মাৰ নাম চৰ্চালৈ আহে। নতুন দিল্লী সমষ্টিৰপৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰি তেওঁ পুনৰ উভতি আহিছিল। অৱশ্যে দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই বিজেপিয়ে। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফ্ৰান্স আৰু আমেৰিকাৰ পৰা উভতি অহাৰ পাছতে এই বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

Post a Comment

Previous Post Next Post