দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে পেৰিছত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণৰ সময়ছোৱাত কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত অংশগ্ৰহণ কৰিব। লগতে ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। পেৰিছত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায়। সোমবাৰে নিশা ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁই প্ৰধানমন্ত্ৰীৰ মোদীৰ সন্মানাৰ্থে দিয়ে এক ভোজমেল। পেৰিছৰ এলিচি পেলেচত আয়োজন কৰা ভোজমেলৰ এক ভিডিঅ’ এক্সত শ্বেয়াৰ কৰে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁই। লগতে পেৰিছলৈ আপোনাক স্বাগতম বুলি লিখে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত আৰু ফ্ৰাঞ্চৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি কয় ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
দ্বিপাক্ষিক বৈঠকত দুয়োখন দেশৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিব। লগতে কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত ভাৰতে বিশ্বব্যাপী কৰি থকা AIৰ মানদণ্ড প্ৰতিষ্ঠা আৰু স্মাৰ্ট AIৰ বিকাশ আৰু প্ৰসাৰৰ বিষয়তে নিজৰ লক্ষ্য আৰু উদ্দেশ্যে ব্যক্ত কৰিব। আন আন দেশৰ নেতাসকলৰ সৈতেও প্ৰধানমন্ত্ৰীয়ে AIসম্পৰ্কত আলোচনাত মিলিত হ’ব। উল্লেখ্য যে এই কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন অনুষ্ঠিত হ’ব ফ্ৰাঞ্চ আৰু ভাৰতৰ পৌৰহিত্যত। AIৰ শীৰ্ষ সন্মিলনত AI ফাউণ্ডেচন শীৰ্ষক এক সংগঠন ঘোষণাৰো সম্ভাৱনা আছে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদী ৰাওনা হ’ব ফ্ৰাঞ্চৰ মাৰ্চেইল চহৰলৈ। য’ত তেওঁ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ সৈতে কূটনৈতিক, অৰ্থনৈতিক, আৰু বহুকেইটা বিষয়ত আলোচনাত মিলিত হ’ব।
ইফালে আজি সন্ধিয়াৰ ভাগত ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ পেৰিছলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ মাজত কূটনৈতিক, অৰ্থনৈতিক সম্পৰ্কক লৈ অধিক আলোচনাত মিলিত হ’ব। য’ত ভাৰতৰ ২০৪৭ মিছনৰ ৰোড মেপ সম্পৰ্কতো ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰিব। অংশীদাৰিত্ব, AIৰ বিকাশ আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱন আদি বিষয়বোৰে ঠাই পাব দুই দেশৰ নেতাৰ মাজত।ইফালে সোমবাৰে নিশা ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতিয়ে দিয়া নৈশ ভোজত উপস্থিত আছিল আমেৰিকাৰ উপ -ৰাষ্ট্ৰপতি জে ডে ভেঞ্চ। ভোজমেলত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ সৈতেও বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে। দুদিনীয়া ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী ৰাওনা হ’ব আমেৰিকালৈ। আমেৰিকাতো দুদিন কটাব প্ৰধানমন্ত্ৰী মোদী। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমন্ত্ৰণক্ৰমে আমেৰিকা ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী। য’ত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক লৈ কেইবাখনো আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।