নিশাই কান্দি কান্দি মাকক সকলো কৈছিল অংকিতাই, মাতৃয়ে পুৱালৈ ধৈৰ্য ধৰিবলৈ কৈছিল জীয়ৰীক

 


নগাঁৱৰ ননৈ তুলসীমুখত এগৰাকী নৱবিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্বামীগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে বোৱাৰীগৰাকীৰ মৃতদেহ। মৃত বোৱাৰীগৰাকী কামপুৰ দক্ষিণপাট ভকত গাঁৱৰ অংকিতা বৰা৷ এবছৰ পূৰ্বে তুলসীমুখ কুৰোৱাবাহীৰ বিশ্বজিত দাস নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ স্বামী বিশ্বজিত দাস অসম আৰক্ষী কামাণ্ডো বাহিনীত কৰ্মৰত।

অভিযোগ অনুসৰি, প্ৰায়ে পতি-পত্নীৰ মাজত হৈছিল বিবাদ, স্বামীয়ে পত্নীক কৰিছিল মাৰপিট। মৃত অংকিতাক প্ৰতিদিনে মানসিক অত্যাচাৰ চলাই আহিছিল স্বামীৰ পৰিয়ালে, এই অভিযোগ অংকিতাৰ মাতৃ পৰিয়ালৰ।

৬ মাহ পূৰ্বে অংকিতাক পিতৃ-মাতৃয়ে লৈ আহিছিল নিজ গৃহলৈ৷ পাছত স্বামী বিশ্বজিতে পুনৰ অংকিতাক লৈ যায় স্বামীৰ গৃহলৈ৷ সোমবাৰে নিশাও অংকিতাৰ ওপৰত স্বামীয়ে চলাইছিল শাৰীৰিক আৰু মানসিক অত্যাচাৰ৷ অংকিতাই নিশাই সকলো কথা খুলি কৈছিল মাতৃক৷ মাতৃয়ে বুজনি দি পুৱালৈ অপেক্ষা কৰিব দিছিল অংকিতাক৷ কিন্তু পুৱা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় অংকিতাৰ মৃতদেহ৷অংকিতাৰ পৰিয়ালৰ অভিযোগ, এয়া চূড়ান্ত সিদ্ধান্ত নহয়, হত্যা কৰি ওলমাই ৰখা হৈছে অংকিতাক৷ ঘটনা সন্দৰ্ভত অংকিতাৰ পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰিছে স্বামী বিশ্বজিত আৰু পৰিয়ালৰ বিৰুদ্ধে৷ ঘটনাস্থলীত ননৈ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে, সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব৷ মৃত মহিলাগৰাকীৰ স্বামী বিশ্বজিতক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে‌।

Post a Comment

Previous Post Next Post