Advantage Assam 2.0 : এডভাণ্টেজ আছাম 2.0ত প্ৰধানমন্ত্ৰী মোদীৰ তিনিটা মাষ্টাৰ ষ্ট্ৰোক



 এডভাণ্টেজ আছাম ২.০ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলিলে তিনিটা মাষ্টাৰ ষ্ট্ৰোক। এডভাণ্টেজ আছাম কেৱল বিনিয়োগ আৰু বাণিজ্যৰেই সন্মিলন হৈ থকা নাই, ই পৰিগণিত হৈছে মোদীৰ বিচক্ষণ, কূটনৈতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দক্ষতাৰ নিদৰ্শনলৈ। প্ৰধানমন্ত্ৰী মোদীয়ে এডভাণ্টেজ আছাম ২.০ উদ্বোধন কৰি অসমত বিনিয়োগৰ বাবে আহ্বান কৰাতেই ক্ষান্ত থকা নাই, এই সমস্ত আয়োজনৰ জৰিয়তে মোদীয়ে সাংস্কৃতিক, অৰ্থনৈতিক আৰু বৈদেশিক পৰিক্ৰমাৰ ক্ষেত্ৰতো বিশ্ববাসীক সংযোগ কৰিবলৈ খেলিলে তিনিটা মাষ্টাৰ ষ্ট্ৰোক।

মোদীৰ প্ৰথমটো মাষ্টাৰষ্ট্ৰোক
এডভাণ্টেজ আছামৰ জৰিয়তে ভাৰত তথা বিশ্ববাসীৰ সন্মুখত ভাৰত তথা বিশ্ববাসীৰ সন্মুখত চাহ শিল্পৰ বৈচিত্ৰ্যময় সংস্কৃতি ঝুমুৰ। অসমত বিহুৰ উপৰিও যে আৰু বহু বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি আছে, সেই কথা এডভাণ্টেজ আছামৰ আগমুহূৰ্তত দেখুৱাই দিলে মোদীয়ে।

মোদীৰ দ্বিতীয়টো মাষ্টাৰষ্ট্ৰোক
দ্বিতীয়তে অসমত বিনিয়োগ আৰু বাণিজ্যৰ এখন নতুন সম্ভাৱনাৰ দুৱাৰ বিশ্ববাসীৰ সন্মুখত তুলি দিলে প্ৰধানমন্ত্ৰীয়ে। অসমৰ হৈ থকা আন্তঃগাঁথনিৰ দ্ৰুত আৰু ব্যাপক উন্নয়নৰ বন্ধ, আন্দোলন বৰ্জিত উগ্ৰপন্থা, বন্দুক বৰ্জিত শান্তিৰ পৰিৱেশ, বিনিয়োগৰ বাবে এই মুহূৰ্তত উত্তম। অসমৰ তেল আৰু চাহৰ পৰম্পৰাগত ক্ষেত্ৰৰ উপৰি ছেমিকণ্ডাক্টৰ, ইলেকট্ৰ’নিকছ, প্ৰতিৰক্ষা আৰু হাইড্ৰ’কাৰ্বন আদিৰ দৰে নতুন নতুন ক্ষেত্ৰত বিনিয়োগৰ অপাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিলে মোদীয়ে। মোদীৰ নেতৃত্বত অসমত আঢ়ৈ-তিনি লাখ কোটি টকাৰ বিনিয়োগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

মোদীৰ তৃতীয়টো মাষ্টাৰষ্ট্ৰোক
মোদীৰ তৃতীয়টো মাষ্টাৰ ষ্ট্ৰোক হৈছে বৈদেশিক পৰিক্ৰমাৰ নতুন দিগন্ত। এডভাণ্টেজ আছামত একেটা মণ্ডপত একেখন ৰভাত তলত একলগ হ’ল ৬০খনৰো অধিক দেশৰ ৰাষ্ট্ৰদূত আৰু চৰকাৰী প্ৰতিনিধি। কোনো এটা কাৰ্যসূচীত বিশ্বৰ ৬০ খনৰো অধিক দেশ একেলগে এখন মঞ্চত সমবেত হোৱাটো নিতান্তই এক বৃহৎ সাফল্য। এডভাণ্টেজ আছাম ২.০ৰ লক্ষ্যও হৈছে অসমক বিশ্ববাসীৰ সন্মুখত এক সুৰক্ষিত বিনিয়োগ আৰু পৰ্যটন স্থলৰূপে প্ৰমাণ কৰা। এই লক্ষ্যৰেই কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত ৬০ৰো অধিক বিদেশী ৰাষ্ট্ৰদূত আৰু চৰকাৰী প্ৰতিনিধি আহিছে অসমলৈ। অসমৰ সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতি প্ৰত্যক্ষভাৱে দেখুৱাবলৈ পোনে পোনে যোৰহাটলৈ নি তাৰ পৰা কাজিৰঙা পোৱাইছিল ৰাষ্ট্ৰদূতসকলক। কাজিৰঙা পৰিদৰ্শন কৰোৱাই গুৱাহাটীত দেখুওৱা হৈছিল বাৰে ৰহণীয়া ঝুমুৰ নৃত্য। বহু ৰাষ্ট্ৰদূতে নিজৰ পৰিয়াল সহিতে আহি চাইছে অসম। মা কামাখ্যাৰ আশিস লৈছে ৰাষ্ট্ৰদূত আৰু বিদেশী চৰকাৰী প্ৰতিনিধিসকলে। এডভাণ্টেজ আছামতো ভাৰতৰ আটাইকেইগৰাকী শীৰ্ষ উদ্যোগপতিয়েও অসম আৰু মোদীৰ যিদৰে প্ৰশংসা কৰিলে সেয়া বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ সন্মুখত দিব ইতিবাচক ছবি। ইমানেই নহয়, অসমৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ইতিমধ্যে অষ্ট্ৰেলিয়াৰ দৰে ৰাষ্ট্ৰই অসমৰ বাবে থকা ভ্ৰমণ পৰামৰ্শাৱলী শিথিল কৰি দিছে। এডভাণ্টেজ আছামৰ এই সাফল্যৰ আঁৰতেই আছে মোদীৰ এই তিনিটা মাষ্টাৰ ষ্ট্ৰোক।

Post a Comment

Previous Post Next Post