এডভাণ্টেজ আছাম ছামিটৰ জৰিয়তে অসমলৈ বিনিয়োগৰ জোৱাৰ। দেশ-বিদেশৰ বিনিয়োগকাৰীয়ে অসমত বিনিয়োগৰ বাবে ঢাপলি মেলিছে। প্ৰচুৰ সম্ভাৱনাময় অসমত বিনিয়োগ কৰিবলৈ এডভাণ্টেজ অসমৰ জৰিয়তে বহু বিনিয়োগকাৰীয়ে অসম চৰকাৰৰ সৈতে স্বাক্ষৰ কৰিছে বুজাবুজিৰ চুক্তি। আজি
এডভাণ্টেজ আছাম সন্মিলনত উপস্থিত থাকি অসমত বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰে দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানীয়ে। অহা ৫ বছৰত অসমত ৰিলায়েঞ্চ গ্ৰুপে বিনিয়োগ কৰিব ৫০ হাজাৰ কোটি টকা। সৰ্বমুঠ ৫টা ক্ষেত্ৰত বিনিয়োগ কৰিব ৰিলায়েঞ্চে। একেদৰে, আদানী গ্ৰুপেও অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। গেছ, চিমেণ্ট আদি ক্ষেত্ৰত বিনিয়োগ কৰিব আদানী গ্ৰুপে। ঠিক একেদৰে, টাটা গ্ৰুপে অসমত আগন্তুক পাঁচ বছৰত ৩০,০০০ কোটি টকা বিনিয়োগ কৰিব। ৰিনিউৱেবল এনাৰ্জীৰ বাবে অসমত বিনিয়োগ কৰিব টাটা গ্ৰুপে।
বেদান্ত গ্ৰুপৰ সৈতে কৰা হয় ৫০ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ। সিদ্ধাৰ্থ ইনফ্ৰেটেকৰ সৈতে ৫৬০০ কোটি টকা, PNB ইনভেষ্টমেণ্ট ৩০০০ কোটি টকা, TCC কনচেপ্ট Ltd ১৫০০ কোটি টকা, HPDSI PVT LTDৰ সৈতে ১২০০ কোটি টকা আৰু ছিৰোছ গ্ৰুপৰ সৈতে কৰ হয় ১১০৫ কোটি টকা।
গৱেষণা ইউনিভাৰ্চিটীৰ সৈতে ৮০০ কোটি, বোনদাদা ইঞ্জিনীয়াৰিঙৰ সৈতে ৪৫০ কোটি, ছিনটেক্স BAPL Ltdৰ সৈতে ৩৫০ কোটি, ৱেলস্পান এনাৰ্জীৰ সৈতে ৩৫০ কোটি, বায়’ফ্ৰেণ্ডছৰ সৈতে ২৬০ কোটি, মেধাৱী স্কিল ইউনিভাৰ্চিটীৰ সৈতে ২৫০ কোটি, সুবিকছা ফীড এণ্ড ফাৰ্মৰ সৈতে ২৫০ কোটি, SS পলট্ৰীৰ সৈতে ১৯৭ কোটি আৰু DP Worldৰ সৈতে ১৫০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়।
আজি এডভাণ্টেজ আছাম 2.Oত স্বাক্ষৰ কৰা হয় কেইবাখনো বুজাবুজিৰ চুক্তি। সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ সৈতে অসম চৰকাৰে স্বাক্ষৰ কৰে বুজাবুজিৰ চুক্তি। ESSAR গ্ৰুপৰ সৈতে ২,১০০ কোটি টকাৰ MoU স্বাক্ষৰ কৰা হয়। ৰিনিৱেবল এনার্জী প্রজেক্টৰ বাবে কৰা হয় এই MoU স্বাক্ষৰ। OIL ইণ্ডিয়া লিমিটেডৰে ২৩,৩০০ কোটি টকাৰ MoU স্বাক্ষৰ কৰা হয়। CNG PNG আৰু বায়’গেছৰ বাবে স্বাক্ষৰ কৰা হয় MoU। একেদৰে, NRLৰ সৈতে ১০,৭১১ হাজাৰ কোটি টকাৰ MoU স্বাক্ষৰ কৰে অসম চৰকাৰে। ইন্দ্ৰধনুস গেছ গ্রীডৰ সৈতে ১,২০০ কোটি টকাৰ MoU স্বাক্ষৰ কৰাৰ হয়। দুলীয়াজান ফিডাৰ লাইনৰ বাবে এই MoU স্বাক্ষৰ কৰা হয়। DME প্লান্টৰ বাবে বায়’ ফ্ৰেণ্ডছৰ সৈতে ২৬০ কোটিৰ MoU স্বাক্ষৰ কৰা হয়।
মাল্টি স্পেচিয়েলিটী চিকিৎসালয় স্থাপনৰ বাবে লীলাৱতী ফাউণ্ডেচনৰে MoU স্বাক্ষৰ কৰা হয়। নাৰ্ছিং টেলেণ্ট স্কীলৰ বাবে মিনিষ্ট্ৰী অব ট্রেড এণ্ড ইণ্ডাষ্ট্ৰীৰে চুক্তি কৰে অসম চৰকাৰে। আনহাতে, অসমত স্থাপন হ’ব জাপানী ভাষাৰ এটা চেণ্টাৰ। জাপানৰ সৈতে চুক্তি স্বাক্ষৰ কৰে অসম চৰকাৰে। জাপানত মুকলি হ’ব অসমৰ যুৱক-যুৱতীৰ সংস্থাপনৰ পথ। মেইক’ কেৰিয়াৰ পাৰ্টনাৰৰ সৈতেও চুক্তি স্বাক্ষৰকৰা হয়। অসম চৰকাৰে JSWৰ সৈতে কৰে ৭ হাজাৰ কোটি টকাৰ চুক্তি। পঞ্চতাৰকা হোটেলৰ বাবে JB মেৰিয়টৰ সৈতে কৰা হয় চুক্তি স্বাক্ষৰ।