অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই Advantage Assam 2.0 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক অনন্য উপহাৰেৰে জনালে আদৰণি। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীক আগবঢ়ালে ছেমি কণ্ডাক্টৰ চিপেৰে নিৰ্মিত এটি এশিঙীয়া গঁড়। প্ৰধানমন্ত্ৰী মোদীয়ে অসমলৈ আগবঢ়োৱা সহযোগিতা-সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীৰ শলাগ লৈ মুখ্য়মন্ত্ৰীয়ে সামাজিক মাধ্যমত এক প’ষ্ট শ্বেয়াৰ কৰে। এশিঙীয়া গঁড় অসমৰ এক চিনাকি প্ৰতীক হ’লেও এই অভিনৱ উপহাৰৰ জৰিয়তে ছেমি কণ্ডাক্টৰ উদ্যোগত অসমৰ আধিপত্যৰ এক ইংগিত বহন কৰে।
অসমক ছেমি কণ্ডাক্টৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ এই প্ৰচেষ্টা ৰাজ্যখনলৈ ছেমি কণ্ডাক্টৰ উদ্যোগ অনাৰ প্ৰচেষ্টাত স্পষ্ট হৈ পৰিছে। ২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত অসমে Tata Semiconductor Assembly and Test Pvt Ltd (TSAT)ৰ বাবে এক উল্লেখযোগ্য উৎপাদন-সংলগ্ন প্ৰকল্পৰ অনুমোদন জনায়। ইয়াৰ ফলত গুৱাহাটীৰ সমীপৱৰ্তী জাগীৰোডত ২৭,০০০ কোটি টকাৰ ছেমি কণ্ডাক্টৰ একত্ৰীকৰণ আৰু পৰীক্ষণ ইউনিটৰ বাট মুকলি হয়, যাৰ প্ৰকল্পিত উৎপাদন ক্ষমতা দৈনিক ৪.৮ কোটি চিপ। “চিপ গঁড়” উপহাৰ এই ৰূপান্তৰ আৰু ছেমি কণ্ডাক্টৰ উদ্যোগত অসমৰ আকাংক্ষাৰ প্ৰতীক।উল্লেখযোগ্য যে ৰাজ্যত বিনিয়োগৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এডভাণ্টেজ আছাম 2.0 সন্মিলন। দেশ-বিদেশৰ উদ্যোগপতি-বিনিয়োগকাৰীয়ে ভিৰ কৰিছে গুৱাহাটীত। গুৱাহাটীৰ খানাপাৰাত একেখন মঞ্চত উপবিষ্ট হ’ল ৬১খন দেশৰ বিনিয়োগকাৰী। উদ্দেশ্য প্ৰবল সম্ভাৱনাৰে ভৰা অসমত বিনিয়োগ কৰা। গুৱাহাটীলৈ আহিল দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানীসহ বহু উদ্যোগপতি।
এডভাণ্টেজ আছাম সন্মিলনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে অসমত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বিনিয়োগত কেবিনেট অনুমোদন দিয়া হৈছে। কিন্তু সেই পৰিমাণ অতিক্ৰমি গ’ল এডভাণ্টেজ অসমৰ প্ৰথমটো দিনতে। প্ৰথমটো দিনতে আশা কৰাতকৈ বহু বেছি বিনিয়োগৰ ঘোষণা হ’ল এডভাণ্টেজ আছাম সন্মিলনত।