ৰাজ্যত বিনিয়োগৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এডভাণ্টেজ আছাম 2.0 সন্মিলন। দেশ-বিদেশৰ উদ্যোগপতি-বিনিয়োগকাৰীয়ে ভিৰ কৰিছে গুৱাহাটীত। গুৱাহাটীৰ খানাপাৰাত একেখন মঞ্চত উপবিষ্ট হ’ল ৬১খন দেশৰ বিনিয়োগকাৰী। উদ্দেশ্য প্ৰবল সম্ভাৱনাৰে ভৰা অসমত বিনিয়োগ কৰা। গুৱাহাটীলৈ আহিল দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানীসহ বহু উদ্যোগপতি।
এডভাণ্টেজ আছাম সন্মিলনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে অসমত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বিনিয়োগত কেবিনেট অনুমোদন দিয়া হৈছে। কিন্তু সেই পৰিমাণ অতিক্ৰমি গ’ল এডভাণ্টেজ অসমৰ প্ৰথমটো দিনতে। প্ৰথমটো দিনতে আশা কৰাতকৈ বহু বেছি বিনিয়োগৰ ঘোষণা হ’ল এডভাণ্টেজ আছাম সন্মিলনত।
আজি দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানীয়ে অনাগত ৫ বছৰত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে। অসমত কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ, চাহ আৰু গ্ৰীন এনাৰ্জী, ফুড আৰু নন-ফুড প্ৰডাক্ট, ৰিলায়েন্স ৰিটেইলৰ সংখ্যা বৃদ্ধি, সপ্ততাৰকাযুক্ত হোটেল স্থাপনত বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে আম্বানীয়ে।
এই সমগ্ৰ বিনিয়োগৰ আঁচনিযোগে অসমত ১০ হাজাৰৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ পৰিকল্পনা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ। ইয়াৰ উপৰি অসমত ৰিলায়েন্স ফাউণ্ডেচনৰ অধীনত অসমৰ বাঁহ শিল্প আৰু শুৱালকুছিৰ বিশ্ববিখ্যাত পাট শিল্পৰ প্ৰসাৰৰ বাবে কাম কৰিব ৰিলায়েন্সে।ইফালে, দেশৰ বিশিষ্ট উদ্যোগপতি তথা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়েও অসমত ৫০হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা আজি এডভাণ্টেজ আছাম সন্মিলনত ঘোষণা কৰে। বিমানবন্দৰ, এৰ’চিটী, চিটীগেছ, চিমেণ্ট আৰু পথ নিৰ্মাণত বিনিয়োগ কৰিব গৌতম আদানীয়ে।
আনহাতে, টাটা গ্ৰুপে অসমত কৰিব আন এক বৃহৎ বিনিয়োগ। ইলেক্ট্ৰনিক্স আৰু ম’বাইলৰ এটা বৃহৎ মেনুফেকচাৰিং প্ৰকল্প নিৰ্মাণ কৰিব টাটাই। এই প্ৰকল্পত ৩০ হাজাৰৰ অধিক নিবনুৱাই চাকৰি পাব। ভূটানৰ পৰা টাটা পাৱাৰে অসমক দিব ৫০০ মেগাৱাট বিদ্যুৎ। টাটা পাৱাৰে অসমত দিব ৩ লাখ ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ’। অহা ৬-৭ বছৰত প্ৰতিবছৰে ১ গিগাৱাট নবীকৰণ শক্তি উৎপাদনৰ লক্ষ্য টাটা গ্ৰুপৰ। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ প্ৰায় সমপৰ্যায়ৰ বিনিয়োগ কৰিব টাটাই। ইতিমধ্যে টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব। অসম চৰকাৰে ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ চুক্তিত স্বাক্ষৰ কৰিছে টাটা পাৱাৰে।মুকেশ আম্বানী, গৌতম আদানী আৰু টাটা গ্ৰুপে কৰিবলগীয়া বিনিয়োগৰ পৰিমাণ হ’ল ১ লাখ ৩০ হাজাৰ কোটি টকা। অৰ্থাৎ চৰকাৰে আশা কৰাতকৈ এই পৰিমাণ বহু বেছি। তাৰ উপৰি দেশ-বিদেশৰ আন বিনিয়োগকাৰীসকলৰ বহু বিনিয়োগ আছে। অৰ্থাৎ এক কথাত ক’বলৈ গ’লে এডভাণ্টেজ আছামে সলনি কৰিবলৈ গৈ আছে অসমৰ ভৱিষ্যৎ।