এডভাণ্টেজ আছাম ছামিটৰ জৰিয়তে অসমলৈ বিনিয়োগৰ জোৱাৰ। দেশ-বিদেশৰ বিনিয়োগকাৰীয়ে অসমত বিনিয়োগৰ বাবে ঢাপলি মেলিছে। প্ৰচূৰ সম্ভাৱনাময় অসমত বিনিয়োগ কৰিবলৈ এডভাণ্টেজ অসমৰ জৰিয়তে বহু বিনিয়োগকাৰীয়ে অসম চৰকাৰৰ সৈতে স্বাক্ষৰ কৰিছে বুজাবুজিৰ চুক্তি। আজি এডভাণ্টেজ আছাম সন্মিলনত উপস্থিত থাকি অসমত বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিলে দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানীয়ে।
মুকেশ আম্বানীয়ে অহা ৫ বছৰত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা আজি এডভাণ্টেজ আছাম সন্মিলনত ঘোষণা কৰে। মুকেশ আম্বানীয়ে অসমত ৫টা দিশক অগ্ৰাধিকাৰ দিয়ে।
১. অসমক এখন ‘টেক ৰেডী আৰু এ আই ৰেডী’ ৰাজ্যৰূপে গঢ়ি তোলা। AIৰ বিকাশৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে অসমত স্থাপন কৰিব এটা AI ৰেডী ডাটা চেণ্টাৰ। ইয়াৰ ফলত ছাত্ৰ-শিক্ষক, চিকিৎসকৰ পৰা আৰম্ভ কৰি কৃষকলৈ সকলোৱে এ আই প্ৰযুক্তিৰে কাম কৰিব পাৰিব। যুৱকসকলে এ আইৰ সহযোগত লাৰ্ণ ফ্ৰম হোম আৰু য়াৰ্ণ ফ্ৰম হোম সুবিধা লাভ কৰিব পাৰিব।
২. অসমক চাহ আৰু গ্ৰীন এনাৰ্জীৰ হাবৰূপে গঢ়ি তোলাৰ লগতে অসমত আনৱিক শক্তিৰো বিকাশ কৰাৰ লক্ষ্য। অসমত দুটা বিশ্বমানৰ কমপ্ৰেছড বায়’গেছ আৰু চিপিজি প্ৰকল্প স্থাপন কৰিব ৰিলায়েন্সে। য’ত বছৰি ৮ লাখ টন গ্ৰীন বায়’গেছ উৎপাদন হ’ব। যাৰ ফলত প্ৰতিদিনে ২ লাখৰ অধিক বাহন গ্ৰীন এনাৰ্জীৰে চলিব।
৩. অসমক ফুড আৰু নন-ফুড প্ৰডাক্টৰ প্ৰধান যোগানকাৰী ৰাজ্যৰূপে গঢ়ি তোলা। ইয়াৰ পৰা দেশীয় বজাৰতে নহয়, আন্তঃৰাষ্ট্ৰীয় বজাৰতো অসমে বাণিজ্য কৰিব পাৰিব। অসমত এখন মেগা ফুড পাৰ্ক স্থাপনৰো পৰিকল্পনা প্ৰকাশ কৰে মুকেশ আম্বানীয়ে। ইতিমধ্যে অসমত কেম্পা কোলা আৰু পেকেজড ড্ৰিংকিং ৱাটাৰ প্ৰকল্প আৰম্ভ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে।
৪. অসমত ৰিলায়েন্স ৰিটেইল ষ্ট’ৰ ৪০০ৰ পৰা ৮০০লৈ বৃদ্ধি কৰা হ’ব আগন্তুক ৫ বছৰত।৫. অসমত হাই এণ্ড হোটেল কেটেগৰীত সপ্ততাৰকাযুক্ত অ’বেৰয় হোটেল নিৰ্মাণৰ ঘোষণা।
এই সমগ্ৰ বিনিয়োগৰ আঁচনিযোগে অসমত ১০ হাজাৰৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ পৰিকল্পনা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ। ইয়াৰ উপৰি অসমত ৰিলায়েন্স ফাউণ্ডেচনৰ অধীনত অসমৰ বাঁহ শিল্প আৰু শুৱালকুছিৰ বিশ্ববিখ্যাত পাট শিল্পৰ প্ৰসাৰৰ বাবে কাম কৰিব ৰিলায়েন্সে। এই সকলো প্ৰকল্পৰ বাবে অহা ৫ বছৰত বিনিয়োগ কৰিব ৫০ হাজাৰ কোটি টকা।
ইফালে, দেশৰ বিশিষ্ট উদ্যোগপতি তথা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়েও অসমত ৫০হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা আজি এডভাণ্টেজ আছাম সন্মিলনত ঘোষণা কৰে। বিমানবন্দৰ, এৰ’চিটী, চিটীগেছ, চিমেণ্ট আৰু পথ নিৰ্মাণত বিনিয়োগ কৰিব গৌতম আদানীয়ে।
আনহাতে, টাটা গ্ৰুপে অসমত কৰিব আন এক বৃহৎ বিনিয়োগ। ইলেক্ট্ৰনিক্স আৰু ম’বাইলৰ এটা বৃহৎ মেনুফেকচাৰিং প্ৰকল্প নিৰ্মাণ কৰিব টাটাই। এই প্ৰকল্পত ৩০ হাজাৰৰ অধিক নিবনুৱাই চাকৰি পাব। ভূটানৰ পৰা টাটা পাৱাৰে অসমক দিব ৫০০ মেগাৱাট বিদ্যুৎ। টাটা পাৱাৰে অসমত দিব ৩ লাখ ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ’। অহা ৬-৭ বছৰত প্ৰতিবছৰে ১ গিগাৱাট নবীকৰণ শক্তি উৎপাদনৰ লক্ষ্য টাটা গ্ৰুপৰ। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ প্ৰায় সমপৰ্যায়ৰ বিনিয়োগ কৰিব টাটাই। ইতিমধ্যে টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব। অসম চৰকাৰে ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ চুক্তিত স্বাক্ষৰ কৰিছে টাটা পাৱাৰে।