আমেৰিকা ভ্ৰমণলৈ যোৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ জেলেনস্কীক ধমক ডনাল্ড ট্ৰাম্পৰ। হোৱাইট হাউছৰ অভেল অফিচত তীব্ৰ বাক বিতণ্ডা জেলেনেস্কী আৰু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ৰাছিয়াৰ সৈতে শান্তি স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ অভিযোগ জেলেনেস্কীৰ বিৰুদ্ধে। আমেৰিকা ভ্ৰমণলৈ যোৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ জেলেনস্কীৰ সৈতে হোৱাইট হাউচৰ অভেল অফিচতে দুই ৰাষ্ট্ৰপতিৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ লগতে উপস্থিত আছিল আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি জে ডি ভাঞ্চ। অভেল অফিচত অনুষ্ঠিত হোৱা এখন সংবাদমেলৰ মাজতে ভলাডিমিৰ জেলেনস্কীক মূৰ্খ বুলি গালি দিছিল ডনাল্ড ট্ৰাম্পে। আমেৰিকাই ৰাছিয়াৰ সৈতে যুদ্ধবিৰতিলৈ আহিবলৈ হেঁচা প্ৰয়োগ কৰে, কিন্তু হত্যাকাৰীৰ সৈতে কোনো কাৰণত শান্তি আলোচনা নকৰে বুলি স্পষ্টভাৱে ট্ৰাম্পক সকীয়াই দিছিল। যাৰ বাবে ডনাল্ড ট্ৰাম্প উত্তেজিত পৰে আৰু জেলেনস্কীক ধমক দিয়ে। ট্ৰাম্পে কয় যে, আপুনি বৰ্তমান ভাল স্থিতিত নাই। শান্তিৰ সলনি তৃতীয় বিশ্বযুদ্ধৰ দিশে যাব বিচাৰিছে আপুনি।
ইউক্ৰেইনৰ জনতাৰ জীৱনৰ সৈতে আপুনি জুৱা খেলি আছে বুলি ধমক দিয়ে ডনাল্ড ট্ৰাম্পে। আপোনাক আমাৰ পূৰ্বৰ অবোধ ৰাষ্ট্ৰপতিয়ে ৩৫০ বিলিয়ন ডলাৰ সাহায্য দিলে আৰু আপুনি যুদ্ধ চলাই গ’ল। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখতে ডনাল্ড ট্ৰাম্পে অশালীন ব্যৱহাৰ কৰা দেখা গ’ল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ জেলেনস্কীক। ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধত আমেৰিকাই সহায় কৰি আহিছে ইউক্ৰেইনক। তাৰ বিপৰীতে আমেৰিকাক ধন্যবাদ নজনোৱাৰ অভিযোগ ভলাডিমিৰ জেলেনস্কীৰ বিৰুদ্ধে উপ ৰাষ্ট্ৰপতি জে ডি ভাঞ্চৰ।
শেহতীয়াকৈ ৰাছিয়াৰ সৈতে যুদ্ধ বিৰতিলৈ আহিবলৈ আহ্বান জনাইছিল ইউক্ৰেইনক। আমেৰিকাৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে। যাৰ বাবে হোৱাইট হাউচত অশালীন ভাষাৰে গালি দিয়ে ডনাল্ড ট্ৰাম্পে। জেলেনস্কীক কৰা এই ব্যৱহাৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি দুয়োৰে মাজত হোৱা তৰ্ক বিতৰ্কৰ পাছতে হোৱাইট হাউচৰ পৰা ভলডিমিৰ জেলেনস্কীক ওলাই যাবলৈ কয় ট্ৰাম্পৰ এজন বিষয়াই। দ্বিপাক্ষিক চুক্তি আৰু ইউক্ৰেইন-ৰাছিয়াৰ সম্পৰ্কৰ বাবে মাতি নি ডনাল্ড ট্ৰাম্পে কৰা এই ব্যৱহাৰে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ইফালে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ধমকৰ পাছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বিশ্বৰ কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানে। পুটিনৰ হাতত যুদ্ধ জয়ৰ খিতাপ দাখিল কৰিবলৈ চেষ্টা কৰা আমেৰিকাক সমালোচনাৰে থকাসৰকা কৰিছে একাংশ দেশৰ ৰাষ্ট্ৰপ্ৰধানে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীৰ সাহসী সিদ্ধান্তক সমৰ্থন জনাই আমেৰিকাৰ ওচৰত নতশিৰ নোহোৱাৰ বাবে পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কে কয় আমি আপোনাৰ সৈতে আছোঁ। আপুনি অকলশৰীয়া নহয় বুলি কয় পোলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে।