গুৱাহাটীত ৮০০ কোটি টকাৰে নিৰ্মাণ হৈ আছে টুইন টাৱাৰ, ৬০ শতাংশ নিৰ্মাণ সম্পূৰ্ণ হৈছে টুইন টাৱাৰৰ



 গুৱাহাটীত নিৰ্মাণ হৈ আছে টুইন টাৱাৰ। ইতিমধ্যে ৬০ শতাংশ কাম সম্পূৰ্ণ হৈছে টুইন টাৱাৰৰ। আজি এডভাণ্টেজ আছাম ২ সন্দৰ্ভত আয়োজন কৰা সংবাদমেলত এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? কিন্তু গুৱাহাটীৰ ক’ত নিৰ্মাণ হৈ আছে টুইন টাৱাৰ?

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, এইকেইদিন এডভাণ্টেজ আছাম ১ক লৈ সমালোচনা হৈছে। টুইন টাৱাৰ নহ’ল বুলিও সমালোচনা হৈছে। কিন্তু কোনোবাই জানেনে টুইন টাৱাৰ ক’ত হৈ আছে? টুইন টাৱাৰৰ ৬০% কাম সম্পূৰ্ণ হৈছে।’’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ৮০০ কোটি টকাৰে টুইন টাৱাৰ হৈ আছে। টুইন টাৱাৰ চাবলৈ কেইজন সাংবাদিক গৈছে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। ৬০ শতাংশ কাম সম্পূৰ্ণ হোৱা প্ৰকল্পটো কোনেও চাব যোৱা নাই। বিধানসভাত কোনেও এই বিষয়ে এটা কথাও সোধা নাই। সকলোৱে ধৰিয়ে লৈছে যে টুইন টাৱাৰ অসমত নহ’বই বা নহ’লেই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘ফেচবুকত এইকেইদিন এডভাণ্টেজ ১ৰ প্ৰসংগত এডভাণ্টেজ আছাম ২কো সমালোচনা কৰা হৈছে। কিন্তু ইণ্টেগ্ৰেটেড ডিৰেক্টৰেট কমপ্লেক্স যিটো হৈ আছে, সেইটোৱেই আমাৰ টুইন টাৱাৰ। টুইন টাৱাৰৰ আৰ্হিতেই এই সংহত সচিবালয় চৌহদ নিৰ্মাণ কৰি থকা হৈছে।’

এই প্ৰসংগতে সমালোচনাৰ পৰিৱৰ্তে নতুন অসমত কি কি হৈ আছে তাৰ খবৰ ল’বলৈ ৰাজ্যবাসীক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয়, আজি যুৱ অসমীয়াৰ ষ্টাৰ্টআপে নিৰ্মাণ কৰা ড্ৰ’ন ভাৰতীয় সেনা বাহিনীয়ে ব্যৱহাৰ কৰি আছে। আজিৰ অসমৰ যুৱকে কেৱল অসমৰ বাবে নিৰ্দিষ্ট দুৰ্যোগ প্ৰশমন উপগ্ৰহ নিৰ্মাণৰ পৰিকল্পনা কৰি আছে। অসমৰ মানুহৰ পৰিৱৰ্তন হৈছে। বাংগালুৰু, কলকাতালৈ গৈ অসম কেতিয়া তেনেকুৱা হ’ব বুলি প্ৰশ্ন কৰাৰ পৰিৱৰ্তে আমি যদি হাতে-কামে লাগো, অহা ১০ বছৰৰ ভিতৰতে অসম বাংগালুৰুৰ দৰে হৈ পৰিব। এডভাণ্টেজ আছাম ২ ইয়াৰে আৰম্ভণি।

Post a Comment

Previous Post Next Post