২০২৪ চনৰ ২৭ ছেপ্টেম্বৰৰ পাছত ভাৰতীয় শ্বেয়াৰ বজাৰত অব্যাহত আছে খহনীয়া। ইতিমধ্যে প্ৰায় ১৬ শতাংশ অৱনমনেৰে ভাৰতীয় শ্বেয়াৰ বজাৰে নিদ্ৰা ভংগ কৰিছে বিনিয়োগকাৰীৰ। শুকুৰবাৰে শেষ হোৱা মাহৰ অন্তিম দিনাও ভাৰতীয় বজাৰে কন্দুৱালে বিনিয়োগৰাকীক। বিগত বছৰৰ অক্টোবৰ মাহৰ পৰা ক্ৰমাগত ৫ মাহে ধাৰাবাহিক পতনেৰে এক অবাঞ্চিত অভিলেখ গঢ়িলে শ্বেয়াৰ বজাৰে। আনকি কৰোনাৰ সময়ত মাত্ৰ ৩ মাহৰ ধাৰাবাহিক পতন দেখা (Stock Market Crash) গৈছিল নিফটি ৫০ ইনডেক্সত। এনে সময়ত শুকুৰবাৰৰ ২ শতাংশ পতনৰ পাছত হাহাকাৰ লাগিছে বিনিয়োগকাৰীৰ।
এতিয়া সকলোৰে মুখে মুখে এটাই প্ৰশ্ন আৰু কিমান তললৈ আহিব নেচনেল ষ্টক একচেঞ্জৰ সূচক নিফটি ফিফটি? ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰৰ দিনা নিফটি ফিফটিয়ে স্পৰ্শ কৰিছিল সৰ্বকালৰ সৰ্বোচ্চ সীমা। সেইদিনা ২৬ হাজাৰ ২৭৭ পইণ্ট স্পৰ্শ কৰিছিল নিফটি ফিফটিয়ে। তাৰপাছত ক্ৰমাগত পতনৰ মুখত পৰা নিফটি ফিফটিয়ে শুকুৰবাৰৰ দিনটোত স্পৰ্শ কৰিলে ২২ হাজাৰ ১০৪ পইণ্ট। শুকুৰবাৰে নিফটি ফিফটিৰ অন্তৰ্ভূক্ত ভাৰতৰ ৪৯ টা শ্ৰেষ্ঠ কোম্পানীৰ ৪৫টাতে দেখা গ’ল ব্যাপক অৱনমন।
HDFC BANK, ক’ল ইণ্ডিয়া, ট্ৰেণ্ট লিমিটেড আৰু HINDALCOৰ বাহিৰে তাছপাতৰ ঘৰৰ দৰে খহিল আন ৪৫টা ষ্টক। প্ৰায় ৬ দশমিক ৩২ শতাংশ পতন দেখা গ’ল Tech Mahendraৰ দৰে ষ্টকত।
সাৰি নগ’ল উইপ্ৰ’, INDUSIND BANK, মহিন্দ্ৰ এণ্ড মহিন্দ্ৰ, ভাৰতী এয়াৰটেল, টাইটান, ইনফ’ছিচ, টাটা মট’ৰ্ছ, বাজাজ অট’ৰ দৰে দিগ্বজ কোম্পানীৰ শ্বেয়াৰ। অৱশ্যে নিফটিৰ ১ দশমিক ৮৬ শতাংশ পতনৰ বিপৰীতে বেংক নিফটিত দেখা গ’ল দশমিক ৮২ শতাংশৰ অৱনমন। এনে অভাৱনীয় পতনৰ ক্ষণত একাংশ অভিজ্ঞ বিনিয়োগৰাকীয়ে মনত পেলাইছে ২০০৮ চনৰ অৰ্থনৈতিক অস্থিৰতাৰ লগতে ২০২০ চনৰ কৰোনা কালৰ বজাৰৰ অৱস্থালৈ।