ছবছৰীয়া অসম আন্দোলনৰ পাছত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ সৈতে বাংলাদেশৰ সম্পৰ্কৰ কথা সৰ্বজনবিদিত৷ সেই সম্পৰ্কৰ তিতা-কেঁহা অসমীয়াই যুগে যুগে উশাহ লোৱাৰ দৰে লৈ থাকিব৷ আজিৰ দিনটোতো বাংলাদেশ, অসম আন্দোলন আৰু আঞ্চলিক দল অসম গণ পৰিষদ গঠনৰ প্ৰসংগটো আলোচ্য বিষয় হৈ পৰিছে৷ ইয়াৰ কাৰণ হ’ল বাংলাদেশত শুকুৰবাৰে গঠন হ’ল এক নতুন ৰাজনৈতিক দল৷ নামঃ জাতীয় নাগৰিক পাৰ্টি (National Citizen Party)৷
বাংলাদেশৰ ৰাজধানী ঢাকাত আয়োজিত এক বৃহৎ গণসমাবেশত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে এই ‘জাতীয় নাগৰিক পাৰ্টি’য়ে। এই নতুন দলটোৰ আহ্বায়কৰ দায়িত্বভাৰ দিয়া হৈছে নাহিদ ইছলামক৷ নাহিদৰ বয়স ২৭ বছৰ৷ নাহিদ ইছলামে বিগত ২৫ ফেব্ৰুৱাৰীত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছিল। অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিয়েই দায়িত্ব লৈছে নৱগঠিত ৰাজনৈতিক দলটোৰ মূল দায়িত্ব৷ এইজনেই সেইজন নাহিদ ইছলাম, যিজনে বাংলাদেশৰ আৱামী লীগৰ শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে চলা ছাত্ৰ আন্দোলনৰ অন্যতম মূল নেতা। বৈষম্যবিৰোধী আন্দোলনক নেতৃত্ব দিয়াৰ পাছত বিগত বৰ্ষৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰাণ লৈ দেশত্যাগ কৰিবলগীয়া হৈছিল।
শ্বেখ হাছিনাই প্ৰাণ লৈ দেশত্যাগ কৰা আৰু আজিৰ দিনটোত সেইজন বৈষম্যবিৰোধী আন্দোলনৰ নেতা নাহিদ ইছলামেই নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাজনৈতিক দলটোৰ আহ্বায়কৰ দায়িত্ব লোৱাটো অতি তাৎপৰ্যপূৰ্ণ৷ এই তাৎপৰ্যৰ অসম আন্দোলন আৰু অসম চুক্তিৰ পাছত অসম গণ পৰিষদ গঠনৰ সৈতে এক সামঞ্জস্যতা আছে৷ অসম আন্দোলন, অসম চুক্তি আৰু অসম গণ পৰিষদ গঠনৰ পাছত অসমৰ আঞ্চলিক দলটোৱে চৰকাৰ গঠন কৰা বা ইয়াৰ ইতিবৃত্ত ৰাইজক পুনৰাই দোহৰাৰ প্ৰয়োজন নাই। কিন্তু অসমৰ সেই ৰাজনৈতিক ইতিবৃত্ত এতিয়া বাংলাদেশত নাহিদ ইছলামৰ নেতৃত্বত হ’বলৈ গৈ আছে নেকি? ৰাজনৈতিকভাৱে আৰু কূটনৈতিকভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে বাংলাদেশৰ বৈষম্যবিৰোধী আন্দোলন, শ্বেখ হাছিনাই দেশত্যাগ কৰিবলগীয়া পৰিস্থিতি আৰু দেশখনত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠনত আমেৰিকাৰ প্ৰভাৱ আছিল অতি ৰহস্যময়৷
এতিয়া কথা হ’ল ২৭ বছৰীয়া নাহিদ ইছলামে কেনেদৰে পৰিচালনা কৰিব নতুন ৰাজনৈতিক দল ‘জাতীয় নাগৰিক পাৰ্টি’ক? পাৰিবনে আৱেগবৰ্জিত ৰাজনীতি কৰিবলৈ? পাৰিবনে তৰুণ প্ৰজন্ম তথা ছাত্ৰ আন্দোলনৰ স্বপ্নক পূৰণ কৰিবলৈ? নে একেই দশা হ’বগৈ অসমৰ আঞ্চলিক দলটোৰ দৰেই? এটা কথা ঠিক যে এতিয়াৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনৰ দিনত পাকিস্তানী চোৰাংচোৱা সন্থা ISI অধিক তৎপৰ হৈ উঠিছে৷ ভাৰত-বিৰোধী কাৰ্যকলাপত লিপ্ত আটাইবোৰ শক্তি একত্ৰিত হৈ উঠিছে৷ ভূ-ৰাজনীতিৰ এই পকনীয়াত নাহিদ ইছলামৰ দৰে তৰুণ তথা কম অভিজ্ঞ নেতাই কেনেদৰে নতুন ৰাজনৈতিক দলটোক আগবঢ়াই নিয়ে, তাক সুক্ষ্মভাৱে নিৰীক্ষণ কৰিব ৰাজনৈতিক বিশ্লেষকসকলে।