Cyber Crime : গুৱাহাটীত কুখ্যাত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ! মুম্বাইৰ এজন লোকৰ পৰা ২১ লাখ টকা আত্মসাৎ কৰি পৰিল জালত


 

গুৱাহাটীত কুখ্যাত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ। ‘ডিজেটেল এৰেষ্ট’ৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বিশ্বজিৎ দাস নামৰ এজন লোকক। নুনমাটি আৰক্ষীৰ সহযোগত মুম্বাই ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বিশ্বজিৎ দাসক।

ধৃত বিশ্বজিৎ দাসৰ ঘৰ বৰপেটাৰ তাৰাবাৰীত। এই বিশ্বজিৎ দাসৰ ‘ডিজেটেল এৰেষ্ট’ৰ বলি হৈছিল মুম্বাইৰ এজন বয়োজ্যেষ্ঠ লোক। মুম্বাইৰ বয়োজ্যেষ্ঠ লোকজনৰ পৰা বিশ্বজিৎ দাসে আত্মসাৎ কৰিছিল ২১ লাখ টকা। নিজকে EDৰ বিষয়া বুলি পৰিচয় দি বিশ্বজিতে আত্মসাৎ কৰিছিল ধন।

গ্ৰেপ্তাৰৰ ভাবুকি দি প্ৰৱঞ্চকটোৱে সৰকাইছিল ২১ লাখ টকা। YTSYl ৱেলনেছ মাল্টি ট্ৰেড প্ৰাইভেট লিমিটেডত বিশ্বজিযে জমা কৰাইছিল ধন।

Post a Comment

Previous Post Next Post