দিল্লীৰ বস্তি এলেকাৰ বাসিন্দাসকলৰ বৰ্তমানৰ জীৱন ধাৰণৰ সমস্যা আৰু দুৰ্দশা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ জীৱন ধাৰণৰ পৰিৱেশ উন্নত কৰিবলৈ গ্ৰহণ কৰা সংকল্পৰ বিষয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সমাগত দিল্লী বিধান সভা নিৰ্বাচনৰ প্রাক মুহূৰ্তত আজি নির্বাচনী প্ৰচাৰ সভাৰ জৰিয়তে দিল্লীৰ জনসাধাৰণক অৱগত কৰে। দেশৰ ৰাজধানী দিল্লীৰ কাৰৱাল নগৰ, ঘোণ্ডা আৰু চান্দনী চ’কত ৩খন নির্বাচনী জনসভাত ভাষণ দি ড° শৰ্মাই বাংলাদেশৰ শেহতীয়া অস্থিৰতাৰ পটভূমিত বাংলাদেশী অনুপ্ৰৱেশৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ পৰা ভাৰতক সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তা আৰু CAAৰ জৰিয়তে নির্যাতিত সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ বিজেপিৰ দূৰদৰ্শী নীতিগত প্ৰচেষ্টাৰ বিষয়ে কয়।
মুখ্যমন্ত্ৰীয়ে অৰবিন্দ কেজৰিৱালৰ চৰ্চিত বাসগৃহ ‘চিচমহল’ক সমালোচনা কৰি কয় যে যেতিয়া দিল্লীয়ে ক’ভিডৰ সংকটৰ সৈতে যুঁজি আছিল, সেই সময়ত কেজৰিৱালে চিচমহল নির্মাণ কৰিছিল। লগতে তেওঁ দিল্লীৰ মহল্লা ক্লিনিকৰ বিফল আৰ্হিৰ সম্পৰ্কেও আলোকপাত কৰে। ড° শৰ্মাই ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ে উল্লেখ কৰি কয় যে বিজেপি হৈছে এনে এটা দল যিয়ে প্ৰতিটো নির্বাচনী প্রতিশ্রুতি পূৰণ কৰি আহিছে। অসমত মহিলাৰ প্ৰতি চৰকাৰে আগবঢ়োৱা সাহায্য, ৰাজসাহায্যযুক্ত ৰন্ধন গেছ, বিনামূলীয়া শিক্ষাৰ লগতে যুগান্তকাৰী অৰুণোদয় আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত প্রতি মাহে ১২৫০ টকাকৈ ৪০ লাখৰো অধিক মহিলাক প্ৰদান কৰি থকা হৈছে। তেওঁ লগতে ৰাজস্থানত বিজেপিৰ প্ৰতিশ্ৰুতি পূৰ্ণতাৰ উদাহৰণৰ দাঙি ধৰি ৫০০ টকাত ৰন্ধন গেছ প্ৰদান কৰি থকাৰ বিষয়ে ব্যক্ত কৰে।
ড° শৰ্মাই দিল্লীক আৱৰ্জনা আৰু প্ৰদূষণমুক্ত চহৰ হিচাপে গঢ়ি তুলিবলৈ দলটোৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে আৰু ক্ষমতালৈ আহিলে সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সংকল্পৰ কথা উল্লেখ কৰে। দিনটোৰ ব্যস্ততা সামৰি মুখ্যমন্ত্ৰীয়ে দিল্লীত বাস কৰা অসমীয়া লোকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু নৈশ আহাৰত মিলিত হয়। ড° শৰ্মাই অসমৰ পৰম্পৰা-ঐতিহ্যক জীয়াই ৰখাৰ বাবে দিল্লীবাসী
অসমীয়া সমাজক কৃতজ্ঞতা জ্ঞাপন কৰে।