উমৰাংছ’ কালামটিত ক’লা হীৰাৰ ক’লা বেহা। চৰকাৰ প্ৰশাসন য’ত অচল হয় তাৰ পৰা আৰম্ভ হয় কয়লা মাফিয়াৰ চোৰাং বেহা। দিনে-নিশাই সকলোৰে সন্মুখত চলে কয়লা খনন। কয়লা খনিৰ পৰা নিশা ওলাই যায় শ শ কয়লাভৰ্তি ট্ৰাক। কিন্তু সমীপতে আছে অসম আৰক্ষীৰ এখন থানা। তৎস্বত্বেও আৰক্ষীয়ে নিশা দেখা নাপায় এখনো কয়লাভৰ্তি ট্ৰাক। উমৰাংছ’ৰ পৰা ১৭ কিলোমিটাৰ নিলগত থকা অসম-মেঘালয় সীমান্তৰ কালামাটিত আছে ১০ৰো অধিক অবৈধ খনি। দিনে-নিশাই নিজৰ প্ৰাণকো তুচ্ছ কৰি পেটৰ তাড়নাত শ শ শ্ৰমিকে গহ্বৰত বিচাৰে ক’লা হীৰাৰ সন্ধান।
ইফালে, উমৰাংছ’ ট্ৰেজেডীৰ পাছৰে পৰা অন্য খনিসমূহতো যোৱা ৫ দিন ধৰি বন্ধ হৈ আছে কয়লা খননৰ কাম। কালামাটিত থকা অন্য কয়লাখনি সমূহৰ পৰা হঠাৎ অন্তৰ্ধান হ’ল সকলো শ্ৰমিক-মহৰী। আনহাতে, উমৰাংছ’ৰ কালামাটিৰ কয়লাখনিৰ কিছু দূৰত্বত আছে তিনিটাকৈ নদী বান্ধ। কপিলী, নীপকো আৰু খাওদং নদীবান্ধৰ পানীয়ে কয়লা খনিসমূহ ওপচাই পেলোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।
লগতে খনিৰ ভিতৰত পূৰ্বৰে পৰা জলস্ৰোঁত থকাৰ সন্দেহো নুই কৰিব নোৱাৰি। কিন্তু তাৰ পিছতো একাংশ ধনলোভী কয়লা মাফিয়াই কোনো সুৰক্ষাৰ সঁজুলি নিদিয়াকৈয়ে মৃত্যু গহ্বৰলৈ ঠেলি দিয়ে খাটিখোৱা শ্ৰমিকক। এতিয়া কালামাটিৰ অভিশপ্ত ঘটনাৰ পাছত উমৰাংছ’ৰ অসম-মেঘালয় সীমান্তৰ দুৰ্গম অঞ্চলত চলি থকা অবৈধ কয়লা খনিৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কিবা ব্যৱস্থা ল’বনে নে এনেদৰে মৃত্যু গহ্বৰলৈ ঠেলি দিব শ্ৰমিকক?