আমাৰ দেশৰ শ্ৰম আইন অনুসৰি দৈনিক ৮ ঘণ্টা কাম কৰিব লাগে কৰ্মচাৰীসকলে? সপ্তাহত ৬টা দিন কাম কৰাৰ পিছত এদিন বন্ধ দিয়াটো বাধ্যতামূলক। কিন্তু আমাৰ দেশৰ একাংশ প্ৰতিষ্ঠিত তথা বিখ্যাত উদ্যোগপতিয়ে বিভিন্ন সময়ত এই কৰ্মসংস্কৃতিৰ বিৰোধিতা কৰি আহিছে। একপ্ৰকাৰ ভাৰতীয় উদ্যোগৰ জগতখনত অনুকূল কৰ্ম সময়ৰ বিতৰ্কত হাত উজান দিছে একাংশ বিশিষ্ট উদ্যোগপতিয়ে।
২০২৩ চনত ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিয়ে ৭০ ঘণ্টীয়া কৰ্মসপ্তাহৰ প্ৰস্তাৱ দি প্ৰথমে সূত্ৰপাত কৰিছিল বিতৰ্কৰ। তেওঁ কয় যে ভাৰতে চীন আৰু জাপানৰ দৰে দ্ৰুতগতিত আগবঢ়া দেশৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ হ’লে যুৱক-যুৱতীসকলে সপ্তাহত ৭০ ঘণ্টা কাম কৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব।
“ভাৰতৰ কৰ্ম উৎপাদনশীলতা বিশ্বৰ ভিতৰতে আটাইতকৈ কম। আমি যেতিয়ালৈকে আমাৰ কৰ্ম উৎপাদনশীলতা উন্নত নকৰো তেতিয়ালৈ সেইবোৰ উন্নত দেশৰ সৈতে আমি প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সক্ষম নহ’ম। এইখন মোৰ দেশ। মই সপ্তাহত ৭০ ঘণ্টা কাম কৰিব বিচাৰিম।" - তেওঁ কয়।নাৰায়ণ মূৰ্তিৰ এই মন্তব্যৰ পিছতে তেওঁ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু এবছৰৰ পাছতো ২০২৪ চনৰ নৱেম্বৰ মাহত তেওঁ নিজৰ স্থিতিত অটল থকা বুলি কৈ মন্তব্য কৰে, “মই দুঃখিত। মোৰ দৃষ্টিভংগী সলনি হোৱা নাই৷ এইটো মই মোৰ সমাধিলৈকে লগত লৈ যাম। মই অতি কঠোৰ পৰিশ্ৰম কৰাৰ বাবে অতি গৌৰৱান্বিত… অৱসৰ লোৱালৈকে মই দিনটোত চৈধ্য ঘণ্টা আৰু সপ্তাহত ৬.৫ দিন কাম কৰিছিলো।" মূৰ্তিয়ে কয়, ‘মই কৰ্ম-জীৱনৰ ভাৰসাম্যত বিশ্বাস নকৰো।
জ্বলা জুইত ঘিউ ঢালিলে এল এণ্ড টিৰ অধ্যক্ষ এছ এন সুব্ৰমনিয়নে!
সেই বিতৰ্ক চেগা-চোৰোকাকৈ চলি থকাৰ সময়তে এইবাৰ জ্বলা জুইত যেন ঘিউহে ঢালিলে এল এণ্ড টিৰ অধ্যক্ষ সুব্ৰমনিয়নে। তেওঁ দেওবাৰকে ধৰি ৯০ ঘণ্টীয়া কৰ্মসপ্তাহৰ প্ৰস্তাৱেৰে এই বিতৰ্কক অধিক তীব্ৰতৰ কৰি তুলিলে। ৰেড্ডিটত প্ৰচাৰিত এটা ভিডিঅ’ত এল এণ্ড টিৰ অধ্যক্ষগৰাকীৰ মন্তব্য, কৰ্মচাৰীসকলে ঘৰুৱা জীৱনতকৈ কামক অগ্ৰাধিকাৰ দিব লাগে। লগতে সুব্ৰমনিয়নৰ বিতৰ্কিত মন্তব্য, “আপুনি কিমান দিনলৈ আপোনাৰ পত্নীক চাই থাকিব পাৰে?” যদি মই তোমাক দেওবাৰে কামত লগাব পাৰো, তেন্তে মই অধিক সুখী হ’ম কাৰণ মই দেওবাৰে কাম কৰো।" ইয়াৰ পিছতে দেশত দুগুণে বাঢ়িছে এই বিতৰ্ক।