Himanta Biswa Sarma: মিছন বসুন্ধৰা 3.0ক লৈ কেবিনেটে গ্ৰহণ কৰিলে বিশেষ সিদ্ধান্ত


 

মিছন বসুন্ধৰা ৩.০ লৈ আজি অনুষ্ঠিত অসম কেবিনেটে গ্ৰহণ কৰে বিশেষ সিদ্ধান্ত। নামঘৰ বা মন্দিৰ সমিতিয়ে যদি প’ৰ্টেলত আৱেদন কৰিব পৰা নাই, তেওঁলোকে মেনুৱেলীও কৰিব পাৰিব আৱেদন। ৩০ জানুৱাৰীলৈ মেনুৱেলী আৱেদন কৰিব পাৰিব। এই ব্যৱস্থা ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। এই ব্যৱস্থা স্কুল-কলেজ, ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

উমৰাংছ’ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। তেওঁ কয়, ‘২৬ মিটাৰ পানী সোমাই আছে খনিটোত। চাৰিটা ৱেলৰ পৰা পানী কমিলেহে আমি কিবা ফলাফল পাব পাৰোঁ। নাগপুৰৰ পৰা মেচিন এটা অনা হৈছে। সেই মেচিনটোৱে কাম কৰিলে কাইলৈ পুৱাৰ পৰা গধূলিলৈকে পানী শুকাই যাব। যদি সেই মেচিনটোৱে কাম নকৰে, আৰু ৪৮ ঘণ্টা লাগিব।’ মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘১২ বছৰৰ পৰা পৰিত্যক্ত হৈ আছিল খনিটো। কয়লাখনিটো অবৈধ নাছিল। খনি আৰু খনিজাত নিগমৰ অধীনত আছিল খনিটো। শ্ৰমিককেইজনে অবৈধভাৱে প্ৰৱেশ কৰিছিল। প্ৰথমবাৰৰ বাবে কয়লাখনিটোত প্ৰৱেশ কৰিছিল শ্ৰমিকসকলে। আৰক্ষীয়ে পুনিছ নুনিছাক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তদন্তত দেৱলাল গাৰ্লোছাৰ নাম অহা নাই।’

Post a Comment

Previous Post Next Post