শুকুৰবাৰে অনুষ্ঠিত হ’ল অসম চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি, ডিব্ৰুগড়ৰ প্ৰস্তাৱিত বনভূমিক ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰা হ’ব। খিলঞ্জীয়া লোক থকা বাবে উচ্ছেদ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। একেদৰে, এতিয়াৰে পৰা শাক-পাচলি বজাৰত বিক্ৰী কৰিলে মহলদাৰক দিব নালাগে কৰ। শাক-পাচলি আৰু তামোল-পাণ বিক্ৰী কৰা লোকৰ পৰা মহলদাৰে ল’ব নোৱাৰিব টকা ৷ এই সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। ইয়াৰ পৰা উপকৃত ক্ষুদ্ৰ ব্যৱসায়ীসকল উপকৃত হোৱাৰ আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
পঞ্চায়ত নিৰ্বাচনক লৈও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, ‘আজিৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় আহিব বুলি ৰৈ আছিলোঁ। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আমি ৰৈ আছোঁ। আজি নিশা ১২ বজাৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ ৰায় নাপালে একেবাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পাছতহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’ব লাগিব। আজি নিশা ১২ বজাৰ পূৰ্বে ৰায়দান নিদিলে পঞ্চায়ত নিৰ্বাচন পাতিব পৰা নাযাব। কৰিমগঞ্জ জিলাৰ ১৯খন পঞ্চায়তক লৈহে খেলিমেলিখিনি হৈ আছে। আজি নিশা ১২ বজাৰ পূৰ্বে ৰায়দান আহিলে ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন।’
ইয়াৰোপৰি, আজিৰ কেবিনেটে গুৱাহাটীত ৫ হাজাৰ আসনবিশিষ্ট সভাগৃহৰ বাবে ২৯০ কোটি টকা মঞ্জুৰ কৰে। আগষ্টৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’বলৈ এই ধনৰাশিৰ অনুমোদন জনাই কেবিনেটে। একেদৰে, ৰাজ্যিক অতিথিশালাৰ বাবে ৪৭৭ কোটি টকা আবণ্টনতো অসম কেবিনেটে জনাই অনুমোদন। দুটা মিল্ক প্ৰছেচিং ইউনিটৰ বাবে ১৪৪ কোটি টকা আবণ্টনতো আজিৰ কেবিনেটে জনাই অনুমোদন। ধেমাজি আৰু কাছাৰতো দুটা এক লাখ লিটাৰকৈ গাখীৰ সংশোধন কৰা দুটা মিল্প প্ৰছেচিং চেণ্টাৰ বনাবলৈ কেবিনেটে ডেইৰী বিভাগক নিৰ্দেশ দিয়ে। আমূল, পূৰৱী, সীতাজখলাত গাখীৰ জমা দিয়া পালকক প্ৰতিলিটাৰত ৫টকাকৈ ৰাজসাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে অসম কেবিনেটে। কাছাৰ কেন্সাৰ ছ’চাইটিৰ বাবে ১০ বিঘা মাটি দিয়াৰ সিদ্ধান্ত লোৱা হয় আজিৰ কেবিনেটত। শোণিতপুৰৰ দুৰুং চাহ বাগিচা আৰু ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচা দুটা পৰ্যটন প্ৰকল্প স্থাপনৰ বাবে কেবিনেটে অনুমোদন জনায়। এতিয়াৰে পাম খেতি কৰাসকলে চৰকাৰৰ পৰা বিভিন্ন সুবিধা লাভ কৰিব।