Las Vegas Cybertruck Explosion: ট্ৰাম্প টাৱাৰৰ বাহিৰত মেথিউ লিভেলছবাৰ্গাৰে সংঘটিত কৰিছিল বিস্ফোৰণ


 

লাছ ভেগাছৰ ট্ৰাম্প হোটেলৰ বাহিৰত সংঘটিত টেছলা চাইবাৰ ট্ৰাক বিস্ফোৰণৰ আৰত জড়িত আছিল আমেৰিকাৰ বিশেষ বাহিনীৰ এজন জোৱান। বিস্ফোৰণ পূৰ্বে ট্ৰাকখনত চালক ৰূপত থকা লোকজনে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰি এই ঘটনাটো সংঘটিত কৰে। বিস্ফোৰণ সংঘটিত হোৱা বাহন পৰা সেনাৰ পৰিচয় পত্ৰ, পাছপ’ৰ্ট আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে মৃতদেহটোৰ পৰিচয় উদ্ধাৰ কৰিছে তদন্তকাৰী দলে। মৃতদেহটো মেথিউ লিভেলছবাৰ্গাৰৰ বুলি সেনাৰ পৰিচয় পত্ৰত চিনাক্ত কৰাৰ লগতে FBIয়ে লিভেলছবাৰ্গাৰৰ ভৰিত এটা বন্দুকো উদ্ধাৰ কৰিছে। সোমবাৰে লিভেলছবাৰ্গাৰে আইনগতভাৱে দুটা অৰ্ধস্বয়ংক্ৰিয় হেণ্ডগান ক্ৰয় কৰিছিল। বিস্ফোৰণ সংঘটিত হোৱা গাড়ীখনত ইয়াৰ অৱশিষ্ট উদ্ধাৰ কৰা হৈছে।


ট্ৰাম্প হোটেলৰ বাহিৰৰ ভিডিঅ’ ফুটেজত দেখা গৈছে যে বুধবাৰে পুৱা ষ্টেইনলেছ ষ্টীলৰ ট্ৰাকখন প্ৰৱেশদ্বাৰৰ সন্মুখত ৰখাই থোৱা হৈছিল। তাৰ পিছত ট্ৰাক বিস্ফোৰিত হৈছিল। এই ভয়ংকৰ বিস্ফোৰণত আহত হয় ৭ জন লোক। ২৮ ডিচেম্বৰত লিভেলছবাৰ্গাৰে ক’লৰাড’ত গাড়ীখন ভাড়াত লৈছিল। য’ৰ পৰা কৰ্তৃপক্ষই তেওঁক এৰিজোনা আৰু নিউ মেক্সিকোৰ মাজেৰে অকলে গাড়ীখন চলাই লাছ ভেগাছলৈ গৈ থকা অৱস্থাত অনুসৰণ কৰিছিল। ১ জানুৱাৰীত ভেলছবাৰ্গাৰে ট্ৰাম্প হোটেলৰ বাহিৰত ৰোৱা প্ৰত্যক্ষ কৰিছিল।লিভেলছবাৰ্গাৰ আছিল এজন গ্ৰীণ বেৰেট যি ২০০৯ চনত আফগানিস্তানত নিয়োজিত হৈছিল আৰু বৰ্তমান জাৰ্মানীত নিয়োজিত আছিল। সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই জনাই যে, লিভেলছবাৰ্গাৰ মৃত্যুৰ সময়ত অনুমোদিত ছুটীত আছিল। সেনা জোৱান হিচাপে দেখুৱা সাহসৰ বাবে এটাকে ধৰি একাধিক ব্ৰঞ্জৰ তাৰকা পদক প্ৰদান কৰা হৈছিল।নৱবৰ্ষৰ পহিলা দিনটোতেই ট্ৰাম্প ইণ্টাৰনেশ্যনেল হোটেল লাছ ভেগাছৰ ভেলেট এলেকাত পুৱা ৮বাজি ৪০ মিনিটত এই বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয়।

আইন প্ৰয়োগকাৰী সংস্থাৰ এজন বিষয়াৰ মতে, টোৰ এপৰ জৰিয়তে ভাড়াত লোৱা ট্ৰাকখনত আছিল বৃহৎ পৰিমাণৰ আতচবাজী। লাছ ভেগাছৰ প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি ঘটনাস্থলীত তিনিটাকৈ আতবাচী বিস্ফোৰণ শব্দ শুনিবলৈ পোৱা গৈছিল। বুধবাৰে সংঘটিত এই ঘটনা সন্দৰ্ভত টেলছাৰ চি ই অ’ ইলন মাস্কে এক্সযোগে জনাই যে, বিস্ফোৰণ সংঘটিত হোৱা ভাড়াতীয়া ট্ৰাকখনৰ ভিতৰত কোনো আতচবাজী মজুত নাছিল, হয়তো ট্ৰাকৰ তলত আতচবাজী লগাই এই বিস্ফোৰণ সংঘটিত কৰিব পাৰে। নৱবৰ্ষৰ প্ৰাকক্ষণত সংঘটিত এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্তকাৰী সংস্থাই অনুসন্ধান অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post