California Plane Crash: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা! দুৰ্ঘটনাত দুজনৰ মৃত্যু, ১৮ জন আহত


 

কেলিফৰ্ণিয়াৰ ৰেইমাৰ এভিনিউত ভয়ংকৰ বিমান দুৰ্ঘটনা। দক্ষিণ কেলিফৰ্ণিয়াৰ ফুলাৰ্টনস্থিত পৌৰ বিমানবন্দৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। এটা বাণিজ্যিক অট্টালিকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৮ জন লোক আহত হয়। লছ এঞ্জেলছৰ পৰা প্ৰায় ২৫ মাইল দূৰত্বৰ দক্ষিণ-পূবে সংঘটিত হয় এই দুৰ্ঘটনাটো। ভ্যানৰ আৰভি-১০ বুলি চিনাক্ত কৰা বিমানখনে আচবাব নিৰ্মাতা কোম্পানীৰ টিঙত খুন্দা মৰাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাণিজ্যিক অট্টালিকাটোৰ ভিতৰত ২০০জনকৈয়ো অধিক লোক কৰ্মৰত অৱস্থাত আছিল।এই ঘটনাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী-অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বিমানখনত লগা জুই নিৰ্বাপণ কৰে। উক্ত অট্টালিকাটোত চিলাই মেচিন আৰু বস্ত্ৰশিল্পৰ ষ্টক আছিল।

এই ঘটনাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে দুৰ্ঘটনাত আহত ১০জনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে লগতে সামান্যভাৱে আঘাতপ্ৰাপ্তসকলক ঘটনাস্থলীতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।

বিমান দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই ঘটনা সন্দৰ্ভত তদন্তকাৰী দলে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।নতুন বছৰৰ দ্বিতীয়টো দিনতেই  কেলিফৰ্ণিয়াত সংঘটিত হ’ল এই বিমান দুৰ্ঘটনা। ফুলাৰ্টন পৌৰ বিমানবন্দৰৰ পৰা উৰা মৰা দুই মিনিট নৌহওঁতেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় বুলি এক স্থানীয় সংবাদ মাধ্যমত এই তথ্য প্ৰকাশ পাইছে।

Post a Comment

Previous Post Next Post