জামনগৰ শোধনাগাৰৰ ২৫ বৰ্ষপূৰ্তি উপলক্ষে ধীৰুভাই আম্বানীক স্মৰণ নীতা আম্বানীৰ



 ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নীতা আম্বানীয়ে জামনগৰ শোধনাগাৰৰ ২৫ বছৰীয়া জয়ন্তী উদযাপনৰ কাৰ্যসূচীত লোক আৰু তেওঁলোকৰ পৰিয়ালক সম্বোধন কৰি ধীৰুভাই আম্বানীক স্মৰণ কৰে। জামনগৰক ৰিলায়েন্সৰ প্ৰতিষ্ঠাপকগৰাকীৰ ‘কৰ্মভূমি’ বুলি অভিহিত কৰি কয় যে তেওঁৰ হৃদয়ত গুজৰাটৰ জামনগৰৰ ‘গভীৰ আৰু প্ৰিয়’ স্থান আছে।

বৃহস্পতিবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে বিশ্বৰ অন্যতম বৃহৎ শোধনাগাৰ জামনগৰ শোধনাগাৰৰ ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰে। অনুষ্ঠানত ভাষণ দি নীতা আম্বানীয়ে আঙুলিয়াই দিয়ে যে জামনগৰ আম্বানী পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে কেনেদৰে বিশেষ।

“কোকিলা মাৰ বাবে ই জন্মভূমি, যিয়ে তেওঁৰ শিপা আৰু মূল্যবোধক প্ৰতিনিধিত্ব কৰে। আজি তেওঁ আমাৰ লগত আছে আৰু এই সকলোবোৰ সম্ভৱ হৈছে কেৱল তেওঁৰ আশীৰ্বাদৰ বাবে। মা, আপুনি আমাৰ বাবে কৰা সকলো কামৰ বাবে ধন্যবাদ।"- ক’লে নীতা আম্বানীয়ে।

ধীৰুভাই আম্বানীক স্মৰণ কৰি তেওঁ কয়, “পাপা, ধীৰুভাই আম্বানীৰ বাবে জামনগৰ আছিল তেওঁৰ কৰ্মভূমি, তেওঁৰ দৃষ্টিকোণ, তেওঁৰ সপোন, তেওঁৰ ভাগ্য, তেওঁৰ কৰ্তব্য, নিষ্ঠা আৰু উদ্দেশ্যৰ প্ৰতীক। কালি দেউতাৰ ৯২ সংখ্যক জন্মদিন। মই নিশ্চিত যে তেওঁ জামনগৰত আমাৰ সকলোকে আশীৰ্বাদ কৰিব।’’

‘মুকেশৰ বাবে এয়া তেওঁৰ সংগ্ৰামৰ ভূমি, ভক্তি আৰু সন্মানৰ ভূমি। ইয়াতেই দেউতাই বিশ্বৰ সৰ্ববৃহৎ শোধনাগাৰ স্থাপন কৰাৰ সপোন দেখিছিল। আৰু এইখিনিতে মুকেশে দেউতাকৰ সপোন বাস্তৱত পৰিণত কৰাত সহায় কৰিছিল।’- নীতা আম্বানীয়ে কয়।

‘‘আৰু, আমাৰ ল’ৰা-ছোৱালীৰ বাবে, বিশেষকৈ অনন্তৰ বাবে, ই তেওঁৰ সেৱাৰ ভূমি, তেওঁৰ সেৱা আৰু কৰুণাৰ ভূমি। এয়া আমাৰ পৰিয়ালৰ সপোনৰ হৃদস্পন্দন।’- ক’লে নীতা আম্বানীয়ে।


Post a Comment

Previous Post Next Post