ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনটোতেই শোণিতপুৰৰ ঢেকিয়াজুলিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন এল্ট’ বাহনৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হ’ল এজন ব্যক্তি। দুৰ্ঘটনাত পতিত হৈ এখন এল্ট’ বাহনসহ জ্বলি ছাঁই হ’ল গাড়ীখনৰ চালক চন্দন চেত্ৰী নামৰ এজন যুৱক। ঢেকিয়াজুলিৰ ভোটপাৰা দলঙৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা মাৰুটি এল্ট’ গাড়ীখন মুহূৰ্ততে ভয়ংকৰ জুয়ে আগুৰি ধৰে। দুৰ্ঘটনাত এল্ট’খনৰ সন্মুখভাগ চূৰ্ণাকৃত হৈ পৰে। অতি ভয়ংকৰ তথা কৰুণ দুৰ্ঘটনাটোত নিহত যুৱকজন ঢেকিয়াজুলিৰ বালিজানৰ চন্দন চেত্ৰী বুলি জানিব পৰা গৈছে। মৃত চন্দন চেত্ৰী এটা ব্যক্তিগত সংবাদ পৰ্টেলত কৰ্মৰত সংবাদ কৰ্মী তথা যুৱ ব্যৱসায়ী আছিল।
কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ’ল তদন্ত চলাই আছে আৰক্ষীয়ে। বাহনখনৰ ভিতৰত উদ্ধাৰ হৈছে এটা ৰন্ধন গেছৰ চিলিণ্ডাৰো। সৌভাগ্যক্ৰমে চিলিণ্ডাৰটো বিস্ফোৰিত নহ’ল। ঢেকিয়াজুলি অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত গাড়ীখনৰ জুই নুমুৱাবলৈ সক্ষম হয়। আনহাতে, বাহনখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত বাহনখনৰ তথ্য উলিওৱাত সমস্যাৰ সৃষ্টি হৈছে।
কিন্তু সমগ্ৰ ঘটনাটোৱে এক নতুন মোৰ লৈছে। চন্দন চেত্ৰীৰ মৃত্যুৰ ঘটনাত ৰহস্যৰ গোন্ধ পোৱা গৈছে। চন্দন চেত্ৰীৰ আকস্মিক মৃত্যুৱে সৃষ্টি কৰিছে চাঞ্চল্য। কিয়নো, চন্দন চেত্ৰীয়ে মৃত্যুৰ কেইটামান ঘণ্টা পূৰ্বে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল জীৱনৰ প্ৰতি বিৰাগ জড়িত কেইটামান নেপালী ভাষাত স্বৰচিত কবিতা। কিন্তু তাৰ লগতে চন্দনে সামাজিক মাধ্যমত এখন হাঁহিমুখীয়া ফটোও শ্বেয়াৰ কৰিছিল মৃত্যুৰ মাত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে।
সামাজিক মাধ্যমত চন্দনে শেষৰটো পোষ্টত শ্বেয়াৰ কৰিছিল ভিডিঅ’ ৰূপত থকা এটা নেপালী কবিতা, যিটো কবিতাৰ শিৰোনাম আছিল, “কালি ময়ো আছিলো…"। তাৰ কিছু সময় পূৰ্বে পোষ্ট কৰিছিল নিজৰ হাঁহিমুখীয় ফটো। আৰু তাৰ পূৰ্বে চন্দনে শ্বেয়াৰ কৰিছিল “অন্তিম যাত্ৰা” শীৰ্ষক এটি নেপালী ভাষাত স্বৰচিত কবিতা। “অন্তিম যাত্ৰা” শীৰ্ষক চন্দনৰ নেপালী কবিতাটোৰ কথা আছিল অসমীয়াত কিছু এনেধৰণৰ…
“মোৰ কান্ধত যেতিয়া মৃত্যু আহে,
আৰু উশাহবোৰে ক্লান্তিৰ গীত গায়
সেই মুহূৰ্তত, সময়ে আৱৰি ধৰে বিস্মৃতি,
আৰু জীৱনৰ দৃশ্যবোৰ ছাঁৰ দৰে বিস্তৃত হৈ থাকে।
হাজাৰ হাজাৰ সতৰ্কবাণী—
“মদ্যপান নকৰিব, হেলমেট পিন্ধক!”
কিন্তু ৰাস্তা মোৰ খোজৰ বাবে অপেক্ষা কৰি আছে,
য’ত আকাশে পৃথিৱীক আকোৱালি লৈছে।
মোৰ ভাগ্য, মোৰ পূৰ্বপুৰুষৰ ঘৰ,
য’ত হাড়বোৰ ধূলিলৈ পৰিণত হৈ উৰি যায়।
মোৰ নাম লিখা শিল এটা আছে,
সময়ৰ লগে লগে আখৰবোৰ ম্লান হৈ পৰিছে।
জীৱনটো এটা উৰণ
আৰু মৃত্যু এটা অৱতৰণ।
কিন্তু ভয় নহয়, অনুশোচনাও নহয়।
প্ৰতিটো উশাহৰ লগে লগে ছুটী লওঁ।
আৰু শেষবাৰৰ বাবে আকাশলৈ চাই হাঁহি উঠো,
কাৰণ এতিয়াও আগলৈ যাত্ৰা আছে।”
.jpg)