ক্ৰমাৎ সুস্থ হৈছে মৌচুমী গগৈৰ হত্যাকাৰী অভিযুক্ত ভূপেন দাস। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰক্ষীৰ জিম্মাত আছুতীয়াকৈ ৰখা হৈছে ভূপেন দাসক। তিনিবাৰকৈ চৰম পথ লোৱাৰ চেষ্টা চলোৱা ভূপেন দাসক লৈ বিপাঙত পৰিছে মহানগৰ আৰক্ষী। পুনৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ চেষ্টা চলোৱাৰ আশংকাত ভুগিছে তদন্তকাৰী বিষয়া। ভূপেন দাসক জে’লত কেনেদৰে ৰাখিব তাক লৈও চিন্তাত পৰিছে মহানগৰ আৰক্ষী। সম্প্ৰতি আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে জেৰা চলাইছে হত্যাকাৰী ভূপেন দাসক। ভূপেনে হত্যাকাণ্ড সন্দৰ্ভত বহু কথাই জনাইছে তদন্তকাৰী বিষয়াক। মৃত মৌচুমীৰ বিষয়ে বহু অভিযোগ আৰক্ষীক দিছে ঘাতক ভূপেনে। স্পৰ্শকাতৰ বিষয় হোৱা বাবে আৰক্ষীয়ে ৰাজহুৱা কৰা নাই এইবোৰ তথ্য। দুই-এদিনতে ভূপেনক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰিব আৰক্ষীয়ে। ভূপেনক গ্ৰেপ্তাৰ কৰি মৌচুমী হত্যাৰ ক্ৰাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে।
উল্লেখযোগ্য যে, যোৱা ২৬ ডিচেম্বৰত প্ৰেমৰ সম্পৰ্কত হোৱা সংঘাতৰ ভয়ংকৰ পৰিণতিত মহানগৰী গুৱাহাটীত হত্যা কৰা হৈছিল মৌচুমী গগৈ নামৰ এগৰাকী যুৱতীক! প্ৰেমিকৰ ছুৰিকাঘাতত মৌচুমী গগৈৰ মৃত্যু হৈছিল। চিটি-বাছৰ চালক ভূপেন দাস আৰু মৌচুমী গগৈৰ ৫ বছৰীয়া প্ৰেমৰ সম্পৰ্কত ঘূণে ধৰিছিল কিছুদিন পূৰ্বে। আনকি যোৱা ৮ ডিচেম্বৰত পাণবজাৰ মহিলা আৰক্ষী থানাত ঘাতক ভূপেন দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল মৌচুমীয়ে। অৱশ্যে তাৰপাছতো তিনিদিন পূৰ্বে বুজাপৰা হৈছিল দুয়োৰে মাজত। মৃত্যুৰ দিনা বৃহস্পতিবাৰে ভূপেনৰ সৈতে পাণবজাৰ থানালৈ গৈ গোচৰ উঠাই লোৱাৰ কথা আছিল মৌচুমী গগৈয়ে।
সংঘাতৰ সামৰণি পৰাৰ আনন্দত খ্ৰীষ্টমাছৰ দিনা বুধবাৰে ৩ দিনৰ বাবে AS01JC7814 নম্বৰৰ গাড়ীখন ভাড়ালৈ লৈছিল ভূপেন দাসে। বুধবাৰে গাড়ীৰে গুৱাহাটীৰ বিভিন্ন ঠাই ফুৰা-চকা কৰি বিয়লি ৫:৩০ বজাৰ পৰা নিশা ৮:৩০ বজালৈ মৌচুমীৰ ভাড়াঘৰত একেলগে আছিল ভূপেন। কথা দিয়া মতে, পাণবজাৰ মহিলা থানালৈ যাবলৈ বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত গাড়ী লৈ মৌচুমীৰ ভাড়াঘৰৰ সন্মুখত উপস্থিত হৈছিল ভূপেন দাস। কিন্তু ১০ বাজি ৪৫ মিনিটত ভাড়াঘৰৰ পৰা ওলাই আহি মৌচুমীয়ে পূৰ্বে বুক কৰি থোৱা ৰেপিড’ বাইকত উঠিবলৈ লোৱাৰ ক্ষন্তেক পাছতে শেষ হৈ গৈছিল মৌচুমী গগৈৰ জীৱন।
.jpg)