আজি অসমৰ বাবে ৩ খন নতুন ৰে’ল মুকলি কৰিলে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে “উত্তৰ-পূব ভাৰতৰ বাবে নতুন ইঞ্জিন। দেশক আগুৱাই নিয়াৰ নতুন ইঞ্জিন উত্তৰ-পূব। অসমৰ বহুত দম আছে। অসমৰ যুৱ প্ৰজন্ম সাজু হ’বৰ হ’ল।” আজি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মুকলি কৰা তিনিখন ৰে’ল হৈছে- গুৱাহাটী- নিউ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও- গুৱাহাটী পেছেঞ্জাৰ আৰু তিনিচুকীয়া- নাহৰলগুন এক্সপ্ৰেছ।
অনুষ্ঠানত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানত ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “IT আৰু ইলেক্ট্ৰনিক বিশ্ববিদ্যালয় স্থাপন হ’ব অসমত। ভূপেন হাজৰিকাৰ নামেৰে হ’ব NIELIT (National Institute of Electronics & Information Technology) বিশ্ববিদ্যালয়। NIELIT বিশ্ববিদ্যালয়ৰ ১১টা কেম্পাছ হ’ব দেশত। তাৰে এটা কেম্পাছ স্থাপন হ’ব জাগীৰোডত। ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণৰ শিক্ষা দিয়া হ’ব। জাৰ্মানীত নিৰ্মাণ হোৱা সামগ্ৰী অসমতে নিৰ্মাণ হ’ব। ৰে’লৱে উন্নয়নৰ বাবে কেন্দ্ৰই ১০,০০০ কোটি টকা প্ৰদান কৰিছে”
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, “২০২৫ বৰ্ষ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰীগৰকীয়ে বহু উপহাৰ দিলে তাৰ বাবে বহু ধন্যবাদ। ২৫ ফেব্ৰুৱাৰীত Advantage Assamৰ বাবে পুনৰবাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক নিমন্ত্ৰণ জনালোঁ। ২০৪৭ত আমাৰ দেশ বিকশিত অসম নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে সকলো চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ আধাৰত প্ৰযুক্তিবিদ্যা হ’ব। তাৰ বাবে ছেমি কণ্ডাক্টৰ প্ৰকল্প আহিছে। আমাৰ স্কিলড মেন পাৱাৰ প্ৰয়োজন। ভাৰত এতিয়া ছেমি কণ্ডাক্টৰ পাৱাৰ হাউচ হ’বলৈ গৈ আছে। ডাবল ট্ৰেকৰ কাম অসমৰ লামডিংত আৰম্ভ হৈছে। জাগীৰোডত NIELIT বিশ্ববিদ্যালয়ে নতুন আলোকৰ পোহৰ কৰি তুলিব, য’ত ইলেকট্ৰনিছ, A.I, তথ্য-প্ৰযুক্তিৰ শিক্ষা দিয়া হ’ব। প্ৰযুক্তি বিশ্ববিদ্যালয় প্ৰয়োজনত কোনো আন্দোলন হোৱা নাছিল। কোনো দল-সংগঠনে স্মাৰক পত্ৰ দিয়া নাছিল। কিন্তু, প্ৰধানমন্ত্ৰীয়ে সেই কথা চিন্তা কৰিলে। এতিয়া তথ্য-প্ৰযুক্তি আমাৰ হাতৰ মুঠিত। এতিয়া আমি আকাশ চুবৰ মন কৰিব লাগিব।”
.jpg)