বিগত পাঁচ বছৰত এজনো লোক আক্ৰান্ত হোৱা নাই মেলেৰিয়াত : যোৰহাটৰ স্বাস্থ্য বিভাগৰ কামক প্ৰশংসা দেশৰ প্ৰধানমন্ত্ৰীৰ




 

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰিলে যোৰহাটৰ স্বাস্থ্য বিভাগক। ২০২৪ৰ শেষৰটো দেওবাৰৰ ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ ওচৰত যোৰহাটৰ উদাহৰণ দাঙি ধৰিলে মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত জিলাখনে দেখুওৱা সফলতাৰ বিষয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ চাহ বাগিচাসমূহত মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যোৰহাটত স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ উদাহৰণ দাঙি ধৰে।

নৱবৰ্ষৰ প্ৰাক ক্ষণত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাকৈ কৰা প্ৰশংসাৰ পিছতে উৎফুল্লিত হৈ পৰিছে যোৰহাটৰ স্বাস্থ্য কৰ্মীসকল। যোৰহাটৰ স্বাস্থ্য বিভাগ তথা মেলেৰিয়া বিভাগৰ তৎপৰতাৰ ফলত জিলাখনত বিগত ৫-৬ বছৰত স্থানীয়ভাৱে উৎপত্তি হোৱা মেলেৰিয়া ৰোগত এজনো লোক আক্ৰান্ত হোৱা নাই। যোৰহাট জিলাত চাহ বাগিচাসমূহৰ লগতে নাগালেণ্ড সীমান্তৰ পাহৰৰ তলৰ অঞ্চলসমূহকে ধৰি বহুবোৰ মেলেৰিয়াপ্ৰৱণ অঞ্চল আছে। কিন্তু মেলেৰিয়া বিভাগ, জিলা স্বাস্থ্য বিভাগ তথা সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মীসকলে ধাৰাবাহিকভাৱে এই ৰোগ প্ৰতিৰোধ কৰিবলৈ গ্ৰহণ কৰি অহা ব্যৱস্থাসমূহৰ বাবে যোৰহাট জিলাই দেশৰ ভিতৰতে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিছে যোৰহাটৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে।


চাহ বাগিচা, পাহাৰৰ নামনি অঞ্চলসমূহ মেলেৰিয়াৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰাটো এটা প্ৰত্যাহ্বান আছিল। মূলত মেলেৰিয়াৰ সম্ভাৱনা থকা অঞ্চলসমূহত নিৰীক্ষণ, জ্বৰ হোৱা লোকসকলৰ সঘন পৰীক্ষা, মেলেৰিয়াপ্ৰৱণ অঞ্চলসমূহত বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ আৰু জনসাধাৰণৰ মাজত চলোৱা প্ৰচাৰৰ বাবেই যোৰহাট জিলাত বিগত ৫-৬ বছৰত মেলেৰিয়া ৰোগে গা কৰি উঠিব পৰা নাই বুলি জানিবলৈ দিছে চুতীয়া স্বাস্থ্য সঞ্চালক ডি কে দেৱ শৰ্মাই । ইয়াৰ বাবে জিলাখনৰ মেলেৰিয়া বিভাগৰ বিষয়া-কৰ্মচাৰীসকলেও বহু চেষ্টা কৰিছিল বুলি যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে কয়।

Post a Comment

Previous Post Next Post