অসম, পশ্চিম বংগ আৰু কেৰালাৰ পৰা গ্ৰেপ্তাৰ হোৱা জেহাদীৰ শেহতীয়া ভয়ংকৰ খবৰ। মূলতঃ জেহাদীৰ টাৰ্গেট আছিল অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা। কোকৰাঝাৰত গ্ৰেপ্তাৰ হোৱা নুৰ ইছলাম মণ্ডল আছিল কূটাঘাত সংঘটিত কৰাৰ মূল পৰিকল্পনাকাৰী। ABTৰ হৈ কাম কৰা সকলো শ্লীপাৰ চেলৰূপী সদস্যই মাহেকীয়া হিচাপত টকা উঠাইছিল। যিসমূহ টকাৰ জৰিয়তে ক্ৰয় কৰিছিল অস্ত্ৰ-শস্ত্ৰ, অন্যান্য বিস্ফোৰক সামগ্ৰী। বাংলাদেশত প্ৰশিক্ষণ লোৱাৰ উপৰিও কোকৰাঝাৰ, ধুবুৰীৰ চৰ অঞ্চলত দিছিল মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ।
কেনেকৈ ভাৰতত প্ৰৱেশ কৰিছিল জেহাদী ছেদ ৰাদী?
উল্লেখ্য যে ধৃত জেহাদী ছেদ ৰাদীক ভাৰতলৈ প্ৰেৰণ কৰিছিল ABTৰ ভাৰত গোটৰ মুৰব্বী ইক্ৰামূল হক ওৰফে আবু তালহাই। আবু তালহাৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন ৰাজ্যত ৰুজু হৈ আছে ১০টাকৈ গোচৰ। ABTৰ প্ৰতিষ্ঠাপক মুৰব্বী জচিমুদ্দিন ৰেহমানীৰ বিশ্বস্ত আবু তালহাই দীৰ্ঘদিন ধৰি বিভিন্ন ছদ্মনামত ভাৰতৰ বিভিন্ন ৰাজ্য ক্ৰমে অসম, ত্ৰিপুৰা, পশ্চিম বংগ, কেৰেলা, গুজৰাট, উত্তৰ প্ৰদেশত আশ্ৰয় লৈ ABTৰ শ্লীপাৰ চেল গঠন কৰিছিল৷ ২০২৩ৰ পহিলা ভাগত আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰাত ভাৰতৰ পৰা পলায়ন কৰি গুচি গৈছিল বাংলাদেশলৈ ৷ বাংলাদেশৰ ৰাজধানী ঢাকাত ২০২৩ৰ জুলাইত ভাৰতীয় চোৰাংচোৱা সন্থাৰ তথ্যৰ ভিত্তিত সেই সময়ৰ শ্বেখ হাছিনা চৰকাৰে সপত্নীক গ্ৰেপ্তাৰ কৰিছিল আবু তালহাক। আবু তালহাৰ পত্নীও ABTৰ মহিলা গোটৰ এগৰাকী সক্ৰিয় নেত্ৰী। ভাৰতত MOST WANTED ইক্ৰামূল হক ওৰফে আবু তালহাই ABTৰ ভাৰত গোটৰ মুৰব্বী৷ আবু তালহাই বিগত বৰ্ষৰ ৫ আগষ্টৰ বিয়লি শ্বেৰপুৰ জে’ল আক্ৰমণৰ ঘটনাৰ সময়ত ৫০০ কাৰাবন্দীৰ সৈতে পলায়ন কৰিছিল।
জামাতুল মুজাহিদীন বাংলাদেশৰ জাল
অসম, পশ্চিম বংগ আৰু কেৰালাত জাল পেলাইছে জামাতুল মুজাহিদীন বাংলাদেশে। উল্লেখ্য যে ২০ ডিচেম্বৰত অসমৰ ধুবুৰী, কোকৰাঝাৰ, পশ্চিম বংগ আৰু কেৰালাত ৮ জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পিছতে পশ্চিম বংগৰ পৰা পুনৰ গ্ৰেপ্তাৰ হৈছিল এটা সন্ত্ৰাসবাদী। বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে দক্ষিণ ২৪ পৰগনাৰ কেনিং অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত জাভেদ মুনছি নামৰ এটা সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল।
‘অপাৰেচন প্ৰঘাত’ৰ অধীনত জেহাদীক গ্ৰেপ্তাৰ
ইয়াৰ পূৰ্বে ‘অপাৰেচন প্ৰঘাত’ৰ অধীনত অভিযান চলাই অসম, পশ্চিম বংগ আৰু কেৰালাত অসম আৰক্ষীৰ STFয়ে গ্ৰেপ্তাৰ কৰিছিল ৮ জেহাদীক। সমগ্ৰ দেশতে প্ৰথমবাৰৰ বাবে অসমৰ STFয়ে চলাইছিল অভিযান। ৪টা জেহাদী কোকৰাঝাৰ, এটা ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে পশ্চিম বংগৰ পৰা ২টা আৰু কেৰালাত গ্ৰেপ্তাৰ কৰিছিল এটা জেহাদীক। কেৰালাত গ্ৰেপ্তাৰ হৈছিল জেহাদী মহম্মদ শ্বেখ। আনহাতে পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ পৰা গ্ৰেপ্তাৰ হৈছিল মিনাৰুল শ্বেখ আৰু আব্বাছ আলীক। আনহাতে কোকৰাঝাৰৰ পৰা নুৰ ইছলাম মণ্ডল, আব্দুল কৰিম মণ্ডল, মজিবৰ ৰহমান, হামিদুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ লগতে ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ইনামূল শ্বেখ নামৰ জেহাদীক।
.jpg)