নৱবৰ্ষৰ দিনটোতেই মাৰ্কিন যুক্তৰাষ্ট্ৰত ঘটিল তিনিটাকৈ ভয়ংকৰ ঘটনা


 

নৱবৰ্ষৰ পহিলা দিনটোতেই মাৰ্কিন যুক্তৰাষ্ট্ৰত ঘটিল তিনিটাকৈ অঘটন। ট্ৰাম্প হোটেলৰ সন্মুখত বিস্ফোৰণ, নিউ অৰলিন্সত আক্ৰমণৰ ঘটনাৰ পাছতেই ১ জানুৱাৰীৰ নিশা নিউয়ৰ্কৰ নাইট ক্লাবত গুলীচালনাৰ ঘটনা সংঘটিত হয়। নিউয়ৰ্কৰ নাইট ক্লাবত দুজন লোকে নিৰ্বিচাৰভাৱে গুলীচালনা কৰি ১৫জনকৈ লোকক হত্যা কৰে। ১ জানুৱাৰীৰ নিশা ১১ বাজি ৪৫ মিনিটত আমাজুৰা নাইট ক্লাবত সংঘটিত হয় এই ঘটনা। আমাজুৰা ইভেণ্ট হলৰ সমীপত সংঘটিত হয় এই ঘটনা। তদন্তকাৰী দলৰ তথ্য অনুসৰি, এই গুলীচালনাৰ ঘটনাত তিনিজন লোকক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আহতকেইজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। এই নৃশংস ঘটনা সংঘটিত কৰা লোক দুজন এতিয়াও পলাতক হৈ আছে। জামাইকা লং আইলেণ্ড ৰেল ৰোড ষ্টেচনৰ পৰা কেইটামান ব্লক দূৰত্বত অৱস্থিত আমাজুৰা ইভেণ্ট হল।



বুধবাৰে পুৱাৰ ভাগত আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হোটেলৰ বাহিৰত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ। লছ ভেগাছস্থিত হোটেলখনৰ বাহিৰত আতচবাজি কঢ়িওৱা টেছলা চাইবাৰ ট্ৰাকখনত সংঘটিত এই বিস্ফোৰণৰ ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৭জন লোক আহত হয়। এই ভয়ংকৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱা ৭জন লোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আইন প্ৰয়োগকাৰী সংস্থাৰ এজন বিষয়াৰ মতে, টুৰো এপৰ জৰিয়তে ভাড়াত লোৱা ট্ৰাকখনত আছিল বৃহৎ পৰিমাণৰ আতচবাজি। লছ ভেগাছৰ প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি, ঘটনাস্থলীত তিনিটাকৈ আতচবাজি বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল। বুধবাৰে সংঘটিত এই ঘটনা সন্দৰ্ভত টেলছাৰ চি ই অ’ ইলন মাস্কে এক্সযোগে জনাই যে, বিস্ফোৰণ সংঘটিত হোৱা ভাড়াতীয়া ট্ৰাকখনৰ ভিতৰত কোনো আতচবাজি মজুত নাছিল, হয়তো ট্ৰাকৰ তলত আতচবাজি লগাই এই বিস্ফোৰণ সংঘটিত কৰিব পাৰে।

ট্ৰাম্প হোটেলৰ সন্মুখত বিস্ফোৰণৰ ঘটনাৰ পাছতেই আনন্দ উৎসৱ চলি থকা সময়তে মাৰ্কিন ৰাষ্ট্ৰখনৰ নিউ অৰলিন্সৰ খাল আৰু বোৰ্বন ষ্ট্ৰীটত ইছলামিক ষ্টেট গোটৰ পতাকাৰে সজ্জিত এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে বহু লোকক। এই ভয়ংকৰ ঘটনাত ১৫জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। ইছলামিক ষ্টেট গোটৰ পৰা অনুপ্ৰাণিত হৈ নিউ অৰলিন্সত ছামছুউদ্দিন জাব্বৰ নামৰ লোকজনে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল। ভাড়াত অনা এখন পিকআপ ট্ৰাকেৰে ছামছুউদ্দিন জাব্বৰ নামৰ লোকজনে বহু লোকক মহতিয়াই নিয়ে। এই আক্ৰমণৰ ঘটনাত ১৫জন লোকৰ মৃত্যু হয়। এই ঘটনাত গুৰুতৰভাৱে আহত হয় ৩০জনৰো অধিক লোক।

Post a Comment

Previous Post Next Post