দ্ৰুতবেগী বাহনেৰে এফালৰ পৰা মহতিয়াই নিলে বহুজনক, ১৫জনৰ মৃত্যু


 

ইছলামিক ষ্টেট গোটৰ পৰা অনুপ্ৰাণিত হৈ আমেৰিকাৰ নিউ অৰলিন্সত ছামছুউদ্দিন জাব্বৰ নামৰ লোকজনে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল। নৱবৰ্ষৰ পহিলা দিনটোতেই নিউ অৰলিন্স ষ্ট্ৰীটত আনন্দ উল্লাস চলি থকাৰ সময়তে ইছলামিক ষ্টেট গোটৰ পতাকাৰে সজ্জিত এখন দ্ৰুতবেগী বাহনেৰে ছামছুউদ্দিন জাব্বৰ নামৰ লোকজনে বহু লোকক মহতিয়াই নিয়ে। এই আক্ৰমণৰ ঘটনাত ১৫জন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় ৩০জনৰো অধিক লোক। এই প্ৰাণঘাতী আক্ৰমণৰ পূৰ্বে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ আপলোড কৰিছিল টেক্সাছৰ ৪২ বছৰীয়া ছামছুউদ্দিন জাব্বৰ নামৰ লোকজনে। য’ত লোকজনে নিজৰ বিবাহ বিচ্ছেদৰ বিষয়ে জনোৱাৰ লগতে পৰিয়ালটোক হত্যা কৰাৰ উদ্দেশ্যেৰে নৱবৰ্ষৰ উদযাপনৰ দিনটোত একত্ৰিত কৰি পৰিয়ালটোক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।


পৰৱৰ্তী সময়ত এই পৰিকল্পনা সলনি কৰি তেওঁ ISISত যোগদান কৰে। FBIৰ বিবৃতি অনুসৰি, বুধবাৰে পুৱা সংঘটিত এই ঘটনাৰ আৰত জড়িত বাহনৰ চালকৰূপত থকা ছামছুউদ্দিন জাব্বৰক ঘটনাস্থলীতে মাৰ্কিন আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। আৰক্ষীৰ তথ্য অনুসৰি, এই সমগ্ৰ ঘটনাৰ আঁৰত ছামছুউদ্দিন জাব্বৰৰ লগতে আৰু কোনো লোক জড়িত থকাৰ আংশকা কৰা হৈছে। ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্ভাৱ্য সম্পৰ্কৰ তদন্ত আৰম্ভ হৈছে।

লুইজিয়ানা ষ্টেট আৰক্ষীয়ে প্ৰকাশ কৰিছে যে ঘটনাস্থলীৰ পৰা কুলাৰত লুকুৱাই ৰখা অৱস্থাত কিছু বিস্ফোৰণ তাঁৰ লগোৱা দুটা পাইপ বোমাকে ধৰি একাধিক ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ উদ্ধাৰ কৰিছে। নিউ অৰলিন্স সংঘটিত এই আক্ৰমণ সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দেশখনত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি কোনো ধৰণৰ ভাবুকি অব্যাহত আছে নেকি? সেই সন্দৰ্ভত তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব দিয়া হৈছে। লগতে এই সমগ্ৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জনাইছে।

এই নৃশংস আক্ৰমণ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এফ বি আইয়ে জনোৱা তথ্য অনুসৰি, এই ঘটনা সংঘটিত কৰা ছামছুউদ্দিন জাব্বৰ আমেৰিকাৰ টেক্সাছৰ নাগৰিক আছিল। নৱবৰ্ষৰ আনন্দ উল্লাসৰ দিনটোত অই নৃশংস ঘটনা সংঘটিত কৰা ছামছুউদ্দিন জাব্বৰ নামৰ লোকজন বহু বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীত সেৱা আগবঢ়াই আহিছিল। এই সমগ্ৰ ঘটনাৰ তদন্ত কৰা FBIয়ে জনোৱা মতে আক্ৰমণৰ মাত্ৰ কেইঘণ্টামানৰ আগতে আক্ৰমণকাৰী ছামছুউদ্দিন জাব্বৰে ছ’চিয়েল মিডিয়াত আইছিছৰ পৰা অনুপ্ৰাণিত হোৱা বুলি ভিডিঅ’ পোষ্ট কৰিছিল লগতে মানুহক হত্যা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল বুলি সাংবাদ মাধ্যমৰ আগত দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে জনায়।

বুধবাৰে টেছলাৰ চিইঅ’ ইলন মাস্কে লাছ ভেগাছৰ ট্ৰাম্প ইণ্টাৰনেশ্যনেল হোটেলৰ বাহিৰত হোৱা চাইবাৰট্ৰাক বিস্ফোৰণ আৰু নিউ অৰলিন্সত সংঘটিত আক্ৰমণৰ মাজত সম্পৰ্ক আছে বুলি মত প্ৰকাশ কৰিছে। কিয়নো দুয়োখন বাহন একেটা গাড়ী শ্বেয়াৰিং প্লেটফৰ্ম টুৰোৰ জৰিয়তে ভাড়াত লোৱা হৈছিল। এই দুয়োটা ঘটনাৰ আৰত সন্ত্ৰাসবাদী জড়িত হোৱাৰ সম্ভাৱনা আছে। এই চাইবাৰট্ৰাক আৰু নিউ অৰলিন্সৰ এফ-১৫০ আত্মঘাতী বোমা দুয়োটা টুৰোৰ পৰা ভাড়াত লোৱা হৈছিল। হয়তো এই দুয়োটা ঘটনাৰ মাজত কোনো ধৰণৰ লিংক আছে বুলি এক্সযোগে এটা পোষ্টত উল্লেখ কৰে ইলন মাস্কে।

চাৰি বছৰ পূৰ্বৰ এক ভিডিঅ’ত  ছামছুউদ্দিন জাব্বৰে নিজকে হিউষ্টনৰ পৰা প্ৰায় ৮০ মাইল (১৩০ কিলোমিটাৰ) পূবে অৱস্থিত বিউমণ্টত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হোৱা বুলি বৰ্ণনা কৰিছে। লগতে তেওঁ ১০ বছৰ আমেৰিকাৰ সামৰিক বাহিনীত মানৱ সম্পদ আৰু আই টি বিশেষজ্ঞ হিচাপে কটাইছিল বুলি উল্লেখ কৰিছে। ২০০৯ চনৰ পৰা ২০১০ চনলৈকে জব্বাৰে আফগানিস্তানত নিয়োজিত আছিল। জব্বাৰে জৰ্জিয়া ষ্টেট ইউনিভাৰ্চিটিৰ পৰা কম্পিউটিঙত ডিগ্ৰী লাভ কৰিছিল আৰু টেক্সাছৰ হিউষ্টনত বাস কৰিছিল, য’ত ৰাজহুৱা ৰেকৰ্ড অনুসৰি তেওঁ ৰিয়েল এষ্টেট এজেণ্ট হিচাপে কাম কৰিছিল।

Post a Comment

Previous Post Next Post