Manmohan Singh : শেষ শ্ৰদ্ধা জনাবলৈ মনমোহন সিঙৰ বাসগৃহত প্ৰধানমন্ত্ৰী মোদী, ছোনিয়া গান্ধী


 

বৃহস্পতিবাৰে দিল্লীৰ এইমছত অন্তিম নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে। দেশৰ অৰ্থনৈতিক সংস্কাৰৰ ৰূপকাৰগৰাকীৰ দেহাৱসানত শোকস্তব্ধ ৰাজনৈতিক মহল। শাসক, বিৰোধী সকলোৱে স্মৰণ কৰিছে দেশ গঠনত ড০ সিঙৰ অৱদানৰ কথা। গান্ধী পৰিয়ালৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ সকলো ৰাজনৈতিক নেতাই তেওঁৰ পাণ্ডিত্য আৰু দেশৰ প্ৰতি থকা অৱদানৰ কথা উল্লেখ কৰিছে। ড০ মনমোহন সিঙৰ পাণ্ডিত্য আৰু প্ৰশাসনত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা স্মৰণ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও। শনিবাৰে শেষকৃত্য সম্পন্ন হ’ব ড০ মনমোহন সিঙৰ।

শুকুৰবাৰে তেওঁৰ নশ্বৰ দেহ ৰখা হয় তেওঁৰ বাসভৱনত। পুৱাই শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডাসহ বহু ৰাজনৈতিক নেতাই। কংগ্ৰেছ সূত্ৰে জানিব পৰা মতে, সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন হ’ব শনিবাৰে।

কংগ্ৰেছ সূত্ৰে খবৰ, মনমোহন সিঙৰ কনিষ্ঠ কন্যা কেলিফৰ্ণিয়াত অধ্যাপনা কৰে। তাৰ পৰা তেওঁ শুকুৰবাৰে বিয়লি দেশলৈ উভতিব। সেইবাবেই শেষকৃত্য শনিবাৰে সম্পন্ন কৰা হ’ব। শেষকৃত্যৰ পিছত মনমোহন সিঙৰ অস্থি লৈ যোৱা হ’ব কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ। তাত শেষ শ্ৰদ্ধা জনাব পাৰিব সাধাৰণ লোকসকলে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত সাতদিন ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। সূত্ৰৰ খবৰ, শনিবাৰে অৰ্থাৎ ২৮ ডিচেম্বৰত মনমোহন সিঙৰ শেষকৃত্য সম্পন্ন হ’ব। ২৬ ডিচেম্বৰৰ পৰা ১ জানুৱাৰী পৰ্যন্ত ৰাষ্ট্ৰীয় শোক পালন কৰা হ’ব ড০ সিঙৰ মৃত্যুত। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান জনাই সাতদিনৰ বাবে সকলো আনুষ্ঠানিক কাৰ্যসূচী বাতিল কৰিছে কংগ্ৰেছে।

Post a Comment

Previous Post Next Post