Silent Reformer Manmohan Singh : মৌন সংস্কাৰক মনমোহন সিং, ইতিহাস মোৰ প্ৰতি সদায়ে সদয় হ’ব : মনমোহন সিং


 

মৌন সংস্কাৰক মনমোহন সিং। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গভৰ্ণৰৰ পৰা দেশৰ বিত্তমন্ত্ৰী তথা দুটাকৈ কাৰ্যকালত দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ সময়ত মনমোহন সিঙে দেশলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে। মনমোহন সিঙে আগবঢ়াই থৈ যোৱা পাঁচটা উল্লেখযোগ্য অৱদানৰ ভিতৰত আছে- অৰ্থনৈতিক সংস্কাৰ, MGNREGA, তথ্য জনাৰ অধিকাৰ আইন, ভাৰত-আমেৰিকা পাৰমাণৱিক চুক্তি আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন প্ৰণয়ন।

মৌন সংস্কাৰক মনমোহন সিং
অৰ্থনৈতিক সংস্কাৰঃ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ দিনত বিত্তমন্ত্ৰী মনমোহন সিঙে গোলকীয় অৰ্থনীতিৰ আৰম্ভণি ঘটাই আজিৰ দেশৰ অৰ্থনীতিৰ আধুনিক ৰূপ দিছিল।

MGNREGA
২০০৫ চনত মনমোহন সিং চৰকাৰে নিবনুৱাক ১০০ দিনৰ কৰ্ম নিশ্চিতি দি দেশৰ সৰ্ববৃহৎ আঁচনি MGNREGAৰ মুকলি কৰিছিল।

তথ্য জনাৰ অধিকাৰ আইন
২০০৫ চনত মনমোহন সিং চৰকাৰে, দেশৰ জনতাৰ জীৱন তথা স্বাধীনতাৰ কথা জড়িত থকা ৰাজহুৱা কৰ্তৃপক্ষৰ পৰা যিকোনো তথ্যৰ বাবে তথ্য জনাৰ অধিকাৰ আইন আনিছিল।

ভাৰত-আমেৰিকা পাৰমানৱিক চুক্তি
আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি এজেঞ্চীৰ অধীনত আমেৰিকাৰে পাৰমাণৱিক সহযোগিতাৰে তদানীন্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ সৈতে মনমোহন সিঙে চুক্তি স্বাক্ষৰ কৰিছিল।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন
২০১৩ চনত মনমোহন সিং চৰকাৰে দেশৰ ৭০ শতাংশ লোকলৈ ৰাজসাহায্য যুক্ত খাদ্য সামগ্ৰী বিতৰণৰ আঁচনিৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন প্ৰণয়ন কৰিছিল।

স্বল্পভাষী হোৱাৰ বাবেই প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং সততে সমালোচিত হৈ আহিছিল। কিন্তু মৃদুভাষী মনমোহন সিঙৰ কেইবাটাও বক্তব্য দেশবাসীৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব। মনমোহন সিঙে কৈছিল- ‘সমকালীন সংবাদ মাধ্যম বা সংসদৰ বিৰোধীতকৈ ইতিহাস মোৰ প্ৰতি সদায়ে সদয় হ’ব বুলিয়ে মোৰ বিশ্বাস’। লগতে মনমোহন সিঙে কৈছিল ‘আৰু কৰিবলৈ একো নাই বুলি কোৱা শেষৰজন মানুহ হয়তো ময়ে’। কোনো দুৰ্নীতি বা কলংকিত অধ্যায়ৰে কোনোকালে মনমোহন সিং জড়িত নাথাকিলেও, নিষ্কলুষ ব্যক্তিগৰাকীও বিতকৰ্ৰ ঊৰ্ধ্বত নাছিল।

Post a Comment

Previous Post Next Post