অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি! বেংগালুৰুত অসমৰ মহিলাক নৃশংসভাৱে হত্যা


 

শোণিতপুৰৰ মিছামাৰীৰ এগৰাকী বোৱাৰীক বহিঃৰাজ্যত নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই কৰিছে তীব্ৰ চাঞ্চল্যৰ। বহিঃৰাজ্যত থকা বোৱাৰীগৰাকীক নিজৰ দেওৰেকে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। যোৱা ২৪ ডিচেম্বৰত বাংগালুৰুৰ এটা ভাড়াঘৰত ঘটনাটো সংঘটিত হৈছিল। বাংগালুৰুত শ্ৰমিক হিচাপে কাম কৰিবলৈ স্বামীৰ সৈতে গৈছিল জহুৰা খাতুন নামৰ মহিলাগৰাকী৷ অভিযোগ অনুসৰি, ভাড়াঘৰতেই জহুৰা খাতুনক হানি-খুচি হত্যা কৰিলে নিজৰ দেওৰেক ৰহিম আলীয়ে৷

ৰহিম আলীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে কিছু বছৰৰ পূৰ্বে মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত থেকেৰাজুলি গাঁৱৰ জহুৰউদ্দিনৰ প্ৰথমা কন্যা জহুৰা খাতুনৰ ঠেলামৰা বেলশিৰিৰ তুৰাব আলীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আন এক অভিযোগ অনুসৰি, তুৰাব আলীৰ ভাতৃ তথা দেওৰেক ৰহিম আলী আৰু বৌৱেক জহুৰা খাতুনৰ মাজত গঢ়ি উঠিছিল অৱৈধ সম্পৰ্ক, যাৰ ফলত কিছুদিন ধৰি দুয়োৰে মাজত চলি আছিল বিবাদ। এই বিবাদৰ চৰম পৰিণতিত দেওৰেক ৰহিম আলীয়ে খঙত বাংগালুৰুত উপস্থিত হৈ জবৰ আলীৰ সৈতে মিলি পৰিকল্পিতভাৱে বৌৱেক জহুৰা খাতুনক ভাড়াঘৰতে হানি-খুচি হত্যা কৰে।

বৰ্তমানৰ সময়ত পলাতক অৱস্থাত আছে ৰহিম আলী আৰু জবৰ আলী৷ এই নৃশংস হত্যাকাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ মিছামাৰীৰ অঞ্চল। ইফালে নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পিছত বাংগালুৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি স্বামীক চমজাই দিয়ে৷

ইপিনে, বিমানেৰে বাংগালুৰুৰ পৰা জহুৰা খাতুনৰ মৃতদেহ মিছামাৰীলৈ লৈ অনাৰ ব্যৱস্থা কৰে পৰিয়ালৰ লোকে৷ জহুৰা খাতুনৰ মৃত্যুৰ খবৰ মিছামাৰীত বিয়পি পৰাৰ লগে লগে মাতৃৰ বাসগৃহত অগণন ৰাইজ উপস্থিত হয়। তিনিটা সন্তানৰ মাতৃগৰাকীৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছতেই এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়। বহিঃৰাজ্যত স্বামীৰ সৈতে থকা মহিলাগৰাকীক হত্যাণ্ডৰ প্ৰকৃ তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।

Post a Comment

Previous Post Next Post