Manmohan Singh Death News: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান। বৃহস্পতিবাৰে দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে। দেশৰ অৰ্থনৈতিক সংস্কাৰৰ পিতামহ ড° মনমোহন সিঙৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২ বছৰ। তেওঁৰ মৃত্যুত শোকাকূল দেশবাসী। সেমেকি উঠিছে দেশবাসীৰ চকু। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিৰোধী দলপতিলৈকে সকলোৱে শোক প্ৰকাশ কৰিছে। ড° মনমোহন সিঙৰ সন্মানত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ৭ দিনৰ ৰাষ্ট্ৰীয় শোক। কংগ্ৰেছেও ৭ দিনৰ শোক ঘোষণা কৰাৰ লগতে সকলো কাৰ্যসূচী বাতিল কৰিছে। মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া কাইলৈ অৰ্থাৎ শনিবাৰে সম্পন্ন কৰা হ’ব।
এতিয়া প্ৰশ্ন হয় যে যিহেতু বৃহস্পতিবাৰে নিশাই প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যু হয়, তেন্তে আজি অৰ্থাৎ শুকুৰবাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কিয় সম্পন্ন নহ’ল? শনিবাৰলৈ কিয় পিছুৱাই দিয়া হ’ল? এই পলমৰ কাৰণ কি? ইয়াৰ আমেৰিকা সংযোগ কি? আচলতে তেওঁৰ কন্যা আমেৰিকাত থাকে। কন্যা অহালৈকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া হ’ব নোৱাৰে। সূত্ৰই জনোৱা মতে আজি অৰ্থাৎ শুকুৰবাৰে মাজ নিশা ১ বজাৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কন্যা আমেৰিকাৰ পৰা উভতি আহি পোৱাৰ কথা।
আজি কিয় নহ’ল অন্ত্যেষ্টিক্ৰিয়া?
কংগ্ৰেছৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি আজি নিশাই মনমোহন সিঙৰ কন্যা আমেৰিকাৰ পৰা উভতি আহিব। সেয়েহে আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নহ’ল। সূত্ৰ অনুসৰি কাইলৈ অৰ্থাৎ শনিবাৰে পুৱা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত মনমোহন সিঙৰ মৃতদেহ অন্তিম দৰ্শনৰ বাবে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ৰখা হ’ব। ৰাহুল গান্ধী, ছোনিয়া গান্ধীকে ধৰি সকলো ডাঙৰ নেতাই কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছতে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰাই আৰম্ভ হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নশ্বৰ দেহৰ অন্তিম যাত্ৰা।
