মৌচুমী গগৈৰ নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। গুৱাহাটীৰ লাষ্টগে’টৰ নাহৰণি পথত ভূপেন দাস নামৰ এজন লোকে দিনৰ পোহৰতে ছুৰীৰে আক্ৰমণ কৰিছিল মৌচুমী গগৈক। যাৰ ফলত জিএমচিএইচত মৃত্যুক সাবটি লৈছিল মৌচুমীয়ে। এই ঘটনা সংঘটিত কৰাৰ পিছত চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলাইছিল ভূপেনে। বৰ্তমান ভূপেন জিএমচিএইচত চিকিৎসাধীন।
এই ঘটনাৰ পিছতে বহু তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, ভূপেন দাস বিবাহিত। আছে পত্নী আৰু দুই সন্তান। গুৱাহাটীৰ বশিষ্ঠত ভাড়াতীয়া হিচাপে থাকে পৰিয়াল। ইফালে, মৌচুমী গগৈয়ো বিবাহিতা। ২০১৯ চনত স্বামীৰ মৃত্যু হোৱা মৌচুমী দুই সন্তানৰ মাতৃ। কিন্তু দুই কন্যা সন্তানৰ ভিতৰত সৰু কন্যাৰ মৃত্যু হৈছিল। ডাঙৰ কন্যা থাকে স্বামী পৰিয়ালত। গুৱাহাটীলৈ আহি ভূপেন দাসৰ সৈতে প্ৰেমৰ সম্পৰ্ক হৈছিল মৌচুমীৰ। আৰু প্ৰেমৰ তিক্ততাৰ বাবেই সংঘটিত হ’ল এই লোমহৰ্ষক ঘটনা।
ইফালে, মৌচুমীৰ শাহুৱেকৰ অভিযোগ, মৌচুমীৰ পিতৃয়ে শেষ কৰিলে মৌচুমীৰ জীৱন। বৃহস্পতিবাৰে মাতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতো ডাঙৰ কন্যাৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই বুলি সদৰি কৰে মৌচুমীৰ শাহুৱেকে।
উল্লেখযোগ্য যে মৌচুমী গগৈৰ সৈতে কন্যাৰ শেষ সাক্ষাৎ হৈছিল এপ্ৰিল মাহত সৈতে। ২০২১ বৰ্ষতে স্বামী গৃহ ত্যাগ কৰিছিল মৌচুমীয়ে। মৌচুমীৰ পিতৃয়ে জীয়ৰীৰ জীৱন শেষ কৰিলে বুলি অভিযোগ মৌচুমীৰ শাহুৱেকৰ। টিংখাঙৰ নলনী কপহুৱা গাঁৱৰ পৰা ২০১৫ চনত মৌচুমীয়ে বিবাহ হৈছিল টিংখাঙৰে ন চাউদাং গাঁৱৰ আৰক্ষী বিভাগত কৰ্মৰত মজিন চেতিয়াৰ পুত্র প্ৰভাকৰণ চেতিয়াৰ সৈতে। কিন্তু দুৰ্ভাগ্যবশত ২০১৯ চনত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল মৌচুমীৰ স্বামী প্ৰভাকৰণ চেতিয়াৰ। সেই সময়ত তেওঁলোকৰ এগৰাকী তিনি বছৰীয়া কন্যা থকাৰ উপৰিও মৌচুমী গৰ্ভৱতী আছিল। স্বামীৰ মৃত্যুৰ এমাহৰ পাছতে মৌচুমীৰ দ্বিতীয়গৰাকী কন্যা সন্তানৰ মাতৃ হয়।কিন্তু দ্বিতীয় গৰাকী কন্যা সন্তানৰ ডেৰ বছৰ বয়স হোৱাৰ সময়তে ২০২১ চনত দুইগৰাকীকৈ কন্যাক এৰি স্বামী গৃহ ত্যাগ কৰে মৌচুমীয়ে। সেই বছৰে মৌচুমী গুৱাহাটীলৈ গুচি আহে। চলিত বৰ্ষৰ মাৰ্চ মাহত সৰু কন্যা গৰাকীৰ জটিল ৰোগত আক্রান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হ’ব লগা হোৱাৰ খবৰ লাভ কৰি মৌচুমীয়ে কন্যা কেইগৰাকীক সাক্ষাৎ কৰিবলৈ যায়। চিকিৎসাধীন হৈ থকাৰ সময়ত মৌচুমীয়ে সহযোগ কৰিছিল। চিকিৎসাধীন অৱস্থাতে সৰু কন্যাৰ মৃত্যুৰ সময়ত শেষ বাৰলৈ সাক্ষাৎ হৈছিল শাহু আৰু ডাঙৰ জীয়ৰীৰ সৈতে। তাৰ পাছৰ পৰাই কোনো যোগাযোগ নাই তেওঁলোকৰ সৈতে।
.jpg)