Manmohan Singh Last Rite: প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মৃত্যুত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক



 প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বৃহস্পতিবাৰে নিশা ৯:৫১ বজাত দেহাৱসান ঘটে। দিল্লীৰ এইমছত শেষ নিশ্বাস কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে দেশবাসীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আদি দেশৰ সকলো স্তৰৰ বিশিষ্ট লোকে সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰে।


চৰকাৰী সূত্ৰই ঘোষণা কৰিছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুৰ বাবে আজি শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া চৰকাৰী সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। লগতে সমগ্ৰ দেশতে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হ’ব। আজি ​​শুকুৰবাৰে পুৱা ১১ বজাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক আৰু তাতেই ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হ’ব। প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মান আৰু সম্পূৰ্ণ মৰ্যাদাৰে সম্পূৰ্ণ হ’ব।

উল্লেখযোগ্য যে মনমোহন সিঙৰ মৃত্যুৰ সময়ত কালি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু সাংসদ ৰাহুল গান্ধী আছিল কৰ্ণাটকৰ বেলাগাৱীত। কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত তেওঁলোক আছিল। খবৰটো পাই তেওঁলোকে খৰধৰকৈ দিল্লীলৈ ৰাওনা হ’ল।ৰাহুল গান্ধীয়ে তেওঁৰ এক্স হেণ্ডেলত এটা পোষ্ট কৰি গভীৰ শোক প্ৰকাশ কৰে। মনমোহন সিঙৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি ৰাহুল গান্ধীয়ে তেওঁৰ শোক বাৰ্তাত লিখিছে, “মনমোহন সিং জীয়ে অতি প্ৰজ্ঞা আৰু সততাৰে ভাৰতক নেতৃত্ব দিছিল। তেওঁৰ নম্ৰতা আৰু অৰ্থনীতিৰ প্ৰতি গভীৰ জ্ঞানে সদায় দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে। শ্ৰীমতী কৌৰ আৰু পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। মই এজন গুৰু আৰু পথ প্ৰদৰ্শকক হেৰুৱাই পেলালোঁ। তেওঁ অনুপ্ৰাণিত কৰা আমাৰ দৰে লাখ লাখ কৰ্মীয়ে তেওঁক চিৰদিনৰ বাবে মনত ৰাখিব।”

Post a Comment

Previous Post Next Post